বাবু মনি শৰ্মা,মৰিগাঁও,১৭ ডিচেম্বৰ: মধ্য অসমত আজি পুৱা ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বিয়লি ভাগত শান্তিপূৰ্ণ ভা...
বাবু মনি শৰ্মা,মৰিগাঁও,১৭ ডিচেম্বৰ: মধ্য অসমত আজি পুৱা ৭:৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন বিয়লি ভাগত শান্তিপূৰ্ণ ভাৱে সামৰণি পৰে। মধ্য অসমৰ ৪ জিলা ক্ৰমে মৰিগাঁও,নগাঁও,হোজাই আৰু কামৰূপ(ম )জিলাক সামৰি মুঠ ৩৬ টা সমষ্টিৰে ৩৫ টা তিৱা স্বায়ত্ত পৰিষদৰ সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত ভোটাৰ তালিকাক লৈ দুই এক ভোট গ্ৰহণ কেন্দ্ৰত কিছু বিসংগতি হয় যদিও পিছত জিলা প্ৰশাসন তথা নিৰ্বাচনৰ দায়িত্বত থকা উচ্চ পদস্থ বিষয়া উপস্থিতিত হৈ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত ব্যাঘাত নোহোৱাকৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উল্লেখ্য যে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে মৰিগাঁও জিলাত ১৯ টা সমষ্টিৰে ১৮ টাত,নগাঁও জিলাত ১০ টা,হোজাই জিলাত ১ টা আৰু কামৰূপ মহানগৰৰ ৬ টা সমষ্টিত আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই ৪ খন জিলাৰ ভিতৰত বাতৰি লিখা সময়লৈকে ৮০% লোকে ভোট হোৱা বুলি জনা গৈছে। মৰিগাঁৱৰ ১ নং জমাদাৰি পৰিষদীয় সমষ্টিত -- ৮০ শতাংশ,
২নং বৰঙণি পৰিষদীয় সমষ্টিত-- ৭৬ শতাংশ,
৩নং ভূৰবন্ধা পৰিষদীয় সমষ্টিত-- ৭৫ শতাংশ,
৪ নং কোৱঁৰ গাঁও পৰিষদীয় সমষ্টিত-- ৮০ শতাংশ,
৫নং ঢেকীফলা পৰিষদীয় সমষ্টিত-- ৭৯ শতাংশ,
৬নং মানিপুৰ পৰিষদীয় সমষ্টিত---- ৭৬ শতাংশ,
৭ নং গড়মাৰি পৰিষদীয় সমষ্টিত---৭৯ শতাংশ,
৮নং ঘগুৱা পৰিষদীয় সমষ্টিত-- ৭৬ শতাংশ,
৯ নং দমাল পৰিষদীয় সমষ্টিত---- ৬৯ শতাংশ,
১০ নং তেতেলীয়া পৰিষদীয় সমষ্টিত--- ৭৬ শতাংশ,
১১ নং জোনবিল পৰিষদীয় সমষ্টিত--- ৭৩ শতাংশ,
১২নং নখোলা পৰিষদীয় সমষ্টিত--- ৬৭ শতাংশ,
১৩ নং নেলীখোলা পৰিষদীয় সমষ্টিত--- ৭১ শতাংশ,
১৪ নং গোভা পৰিষদীয় সমষ্টিত---বিনা প্ৰতিদ্বন্দিতা,
১৫ নং বিহুবৰি পৰিষদীয় সমষ্টিত--- ৭৪ শতাংশ,
১৬ নং শ'লমাৰী পৰিষদীয় সমষ্টিত--- ৭৪ শতাংশ,
১৭ নং ভোমোৰাগুৰি পৰিষদীয় সমষ্টিত-- ৭১ শতাংশ,
১৮ নং চাৰিপুনিয়া চাবুকধৰা পৰিষদীয় সমষ্টিত-- ৮৩ শতাংশ,
১৯ নং বৰছিলা পৰিষদীয় সমষ্টিত-- ৭১ শতাংশৰে মুঠ ৮০ শতাংশ ভোট দান হয়।
এইবাৰ তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিজেপি,কংগ্ৰেছ,অগপ,আপ আৰু তিৱা জাতীয় ঐক্যমঞ্চই প্ৰতিদ্বন্দিতা আগবঢ়াইছে। আনহাতে, অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই ভোট দান কৰি তিৱা পৰিষদ এইবা বিজেপিয়ে দখল কৰিব বুলি মন্তব্য কৰে।
ইপিনে,অহা ১৯ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া ভোট গণনাত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ ভাগ্যইয়ে কোনে তিৱা স্বায়ত্ব পৰিষদ গঠন কৰিব সেয়া লক্ষ্যনীয় হ'ব ।
ইপিনে,অহা ১৯ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া ভোট গণনাত নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থী সকলৰ ভাগ্যইয়ে কোনে তিৱা স্বায়ত্ব পৰিষদ গঠন কৰিব সেয়া লক্ষ্যনীয় হ'ব ।
No comments