গণবাৰ্তা, য'তিগাওঁ ১৪ ডিচেম্বৰঃ কেন্দ্ৰৰ মোডী চৰকাৰে গ্ৰহণ কৰা তিনিখন কৈ ক'লা কৃষি আইন বাতিলৰ দাবীত যোৱা ২৬ নবেম্বৰৰ পৰা দিল্লীত অব্...
গণবাৰ্তা, য'তিগাওঁ ১৪ ডিচেম্বৰঃ কেন্দ্ৰৰ মোডী চৰকাৰে গ্ৰহণ কৰা তিনিখন কৈ ক'লা কৃষি আইন বাতিলৰ দাবীত যোৱা ২৬ নবেম্বৰৰ পৰা দিল্লীত অব্যাহত আছে ঐতিহাসিক কৃষক বিদ্ৰোহ। আন্দোলনত ৩৫ গৰাকীকৈ কৃষকে মৃত্যু বৰণ কৰাৰ পিছতো হৃদয় স্পৰ্শ কৰা নাই কৰ্পৰেটৰ হাতৰ পুতলা স্বৰূপ কেন্দ্ৰীয় বিজেপি চৰকাৰ খনৰ। এই আন্দোলনৰ সমৰ্থনত আজি কৃষক সভা কলগাছিয়া, তিতাপানী আৰু ৰূপসী আঞ্চলিক কমিটিৰ দ্বাৰা বৃহত কৃষক সমদল আৰু পথ অৱৰোধ কাৰ্যসূচী অনুষ্ঠিত কৰে। শান্তিপূৰ্ণ এই কৃষক আন্দোলন বাঞ্চাল কৰাৰ উদ্দেশ্য কলগাছিয়া আৰক্ষীয়ে মহিলা আন্দোলনকাৰী সকলক টনা-আঁজোৰা কৰাৰ অভিযোগ উত্থাপন হৈছে।
আনকি অ, ছি, ভাস্কৰ জ্যোতি দাসে মহিলাৰ হাতত ধৰি টনা-আঁজোৰা কৰাত অ,ছি, ভাস্কৰ জ্যোতি দাস গো বেক ধ্বনিৰে কলগাছিয়াত উত্তাল পৰিবেশৰ সৃষ্টি কৰে বুলি আন্দোলনকাৰী সকলে সকলে অভিযোগ উত্থাপন কৰিছে। অ, চি, গৰাকীৰ এই কাৰ্যক সৰ্বত্ৰে ধ্বিক্কাৰ দিয়াৰ লগতে অহা দিনত এনে কাৰ্যৰ পৰা দূৰত থাকিবলৈ তেওঁক হুচিয়াৰি প্ৰদান কৰে আন্দোলনৰ নেতৃত্বই। ঘটনাস্থলীত উপস্থিত থকা বৰপেটা উপ-আৰক্ষী অধীক্ষকে অ, ছিৰ বিৰূদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।
No comments