আব্দুল আহাদ, ডবকা ২৩ ডিচেম্বৰঃ ডবকা আৰক্ষীৰ মাৰাথন অভিযানত জালত পৰিল দুই নিচাযুক্ত ঔষধ সৰবৰাহকাৰী চক্ৰ ৷ লগতে এইসকলৰ জিম্মাৰ পৰা আৰক্ষীয়ে বৃ...
আব্দুল আহাদ, ডবকা ২৩ ডিচেম্বৰঃ ডবকা আৰক্ষীৰ মাৰাথন অভিযানত জালত পৰিল দুই নিচাযুক্ত ঔষধ সৰবৰাহকাৰী চক্ৰ ৷ লগতে এইসকলৰ জিম্মাৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়৷ বাতৰি অনুসৰি আজি দিনৰ তিনি মান বজাত হোজাই জিলাৰ ডবকা আৰক্ষীয়ে ডবকা কলেজ ৰোডৰ সমীপৰ ইকবাল মেডিকেলত এক অভিযান চলায়৷ আৰক্ষীয়ে চলোৱা অভিযানত নিচাযুক্ত ৰেনকফ চিৰাফ ১২ টা আৰু প্ৰায় ১৪ শ মান চেমপেক্স টেবলেট আৰু এইসকলৰ জিম্মাৰ পৰা ২০ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয়৷ ডবকা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুপৰ্ণ গগৈৰ নেতৃত্বত চলোৱা হয় এই অভিযান৷ গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে ইকবাল মেডিকেলৰ পৰা নিচাজাতীয় ঔষধখিনি জব্দ কৰাৰ লগতে ঔষধ সৰবৰাহৰ লগত জড়িত দুজন লোকক আটক কৰে৷ আটকাধিন লোক দুজন হৈছে ইকবাল মেডিকেলৰ স্বত্বাধিকাৰী জুবেৰ আহমেদ (২৭) আৰু নিচাযুক্ত ঔষধৰ সৰবৰাহকাৰী লমচং ৰংহাং (১৮) বুলি চিনাক্ত হৈছে৷ ইকবাল মেডিকেলৰ পৰাই ডবকাৰ বিভিন্ন প্ৰান্তত নিচাযুক্ত ঔষধখিনি সৰবৰাহ হয় বুলি খবৰ পোৱা গৈছে৷ বৰ্তমান দুয়োজন ডবকা আৰক্ষীৰ জিম্মাত৷ এই বিষয়ে অধিক তথ্য আহৰণৰ বাবে আৰক্ষীয়ে দুয়োজন লোকক জেৰা চলাই আছে৷
No comments