গণবাৰ্তা, য'তিগাওঁ ৩১ ডিচেম্বৰঃ ২০২০ চনৰ শেষৰটো আবেলিয়ে কলংকৃত কৰি গ'ল জনীয়াৰ বাংলীপাৰাক। বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ বা...
গণবাৰ্তা, য'তিগাওঁ ৩১ ডিচেম্বৰঃ ২০২০ চনৰ শেষৰটো আবেলিয়ে কলংকৃত কৰি গ'ল জনীয়াৰ বাংলীপাৰাক। বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জনীয়াৰ বাংলীপাৰাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। দীৰ্ঘদিনীয়া মাটি বিবাদক কেন্দ্ৰ কৰি ডেগাৰেৰে হানি ককায়েক নূৰমহম্মদে তেওঁৰ পুত্ৰ-কন্যাক লগত লৈ হত্যা কৰিলে নিজ ভাতৃ আলী আৰু আব্দুল ছামাদক। বৰপেটা সদৰ আৰক্ষী থানাৰ আৰক্ষীয়ে ঘটনা স্থলিত উপস্থিত হৈ হত্যা কাণ্ডৰ তদন্ত আৰম্ভ কৰাৰ লগতে আলীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে। আন পিনে আব্দুল ছামাদে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰা বুলি জানিব পৰা গৈছে। এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত কৰি মূল হত্যাকাৰী নূৰমহম্মদে বাকী হত্যাকাৰী সকলক লগত লৈ পলাবলৈ সক্ষম হৈছে। উল্লেখ্য যে, বাংলীপাৰা গাঁৱত যোৱা বিলিও এক নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে যোৱা তিনি-চাৰি বছৰৰ ভিতৰত তিনিটাকৈ হত্যাকাণ্ড সংঘটিত হৈ গ'ল উক্ত বাংলীপাৰা গাঁৱৰ একে ডোখৰ ঠাইত। ইয়াৰ পূৰ্বেও বাংলীপাৰা গাঁৱত সংঘটিত হৈ গৈছে হত্যাকাণ্ড। আজিৰ এই নিৰ্মম হত্যাকাণ্ডই সমগ্ৰ বাংলীপাৰা অঞ্চলত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে। ৰাইজে দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে।
No comments