ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ নামনি অসমৰ যাতায়াতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে পৰিচিত মানস-ৰাইনো আৰু ব’হাগী যাত্ৰীবাহী ৰে’ল দুখনৰ ...
ষ্টাফ ৰিপৰ্টাৰ, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ নামনি অসমৰ যাতায়াতৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে পৰিচিত মানস-ৰাইনো আৰু ব’হাগী যাত্ৰীবাহী ৰে’ল দুখনৰ সেৱা পুনৰ মুকলি কৰাৰ দাবীৰে আজি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে বৰনগৰীয়া সমাজৰ সম্পাদক ড০ ঘনশ্যাম নাথে। ক’ভিড মহামাৰীৰ বাবে অসমত চলি থকা স্থানীয় ৰে’লসেৱা বাতিল কৰিছিল ৰে’ল বিভাগে। কিন্তু শেহতীয়াভাৱে ৰাজ্যৰ পৰিস্থিতি যথেষ্টখিনি উন্নতি হোৱাত বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ চলাচল কৰা মানস-ৰাইনো যাত্ৰীবাহী ৰে’ল আৰু গুৱাহাটীৰ পৰা বঙাইগাঁওলৈ যোৱা যাত্ৰীবাহী ৰে’লৰ সেৱা পুনৰ বাহাল কৰাৰ বাবে আজি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সঞ্চালকক আহবান জনায় বৰনগৰীয়া সমাজে।
এক পত্ৰযোগে সংগঠনটোৰ সম্পাদক ড০ ঘনশ্যাম নাথে জনায় যে নামনি অসমত কৰ্মৰত বিভিন্ন লোকৰ বাবে যাতায়াতত সুলভ সুবিধাটো হৈছে ৰে’লসেৱা আৰু বিভিন্ন স্থানত কৰ্মৰত লোকসকলে বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ সৰভোগ, পাঠশালা, নলবাৰী, ৰঙিয়া আদি স্থানৰ পৰা যাতায়াত কৰাৰ বাবে মানস-ৰাইনো যাত্ৰীবাহী ৰে’লখনকে ব্যৱহাৰ কৰে। একেদৰে ব’হাগী ৰে’লখনকো এই অঞ্চলৰ লোকসকলে সুলভ যাতায়াতৰ সুবিধা হিচাপে গ্ৰহণ কৰে। কিন্তু দীৰ্ঘদিন ধৰি এই সেৱা বন্ধ হৈ থকাত তেওঁলোক যাতায়াতৰ সমস্যাৰ সন্মুখীন হৈছে।
আনহাতে ৰাজ্যত বন্ধ হৈ থকা স্থানীয় ৰে’লসেৱা পুনৰ মুকলি কৰাৰ দাবীৰে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী পীয়ূষ গোৱেললৈ আজি পত্ৰ প্ৰেৰণ কৰিছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই। দীৰ্ঘদিন ধৰি স্থানীয় ৰে’লসেৱা বন্ধ হৈ থকাত আৰ্থিকভাৱে দুৰ্বল সমাজ, ছাত্ৰ আৰু ৰোগীসকল সমস্যাৰ সন্মুখীন হৈ আছে বুলি উল্লেখ কৰি ৰাজ্যত ক’ভিড পৰিস্থিতি যথেষ্টখিনি উন্নতি হোৱাৰ পিছত ৰে’লসেৱা পুনৰ মুকলি কৰি দিয়াৰ আহবান জনায় সাংসদগৰাকীয়ে।
No comments