গণবাৰ্তা,সোণতলী,১৫ ডিচেম্বৰ-কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২০-২০২১ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধ...
গণবাৰ্তা,সোণতলী,১৫ ডিচেম্বৰ-কামৰূপ জিলাৰ বকো বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২০২০-২০২১ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন কালি বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয়।জানিব পৰা মতে সাধাৰণ সম্পাদকৰ পদত ছাইফুল হক,ক্ৰীড়া গুৰু বিভাগত নুৰ আলম,সাংস্কৃতি বিভাগত ছাকিল আহমেদ,সমাজ সেৱা বিভাগত নূৰ হুছেইন আৰু ছাত্ৰ জিৰনী কোঠা বিভাগত নুৰ আলম নিৰ্বাচিত হয়।পাচঁটা বিভাগত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকী বিভাগ সমূহৰ প্ৰাৰ্থী সকলে বিনাপ্ৰতিদন্দ্বিতাৰে নিৰ্বাচিত হয়। বিদ্যালয়ৰ বিষয় শিক্ষক তথা নিৰ্বাচনী বিষয়া আনোৱাৰ হুছেইনৰ নেতৃত্বত ভোট গ্ৰহন তথা গণণা কাৰ্য সুচাৰূপে সম্পন্ন হয়।নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থী তথা সমৰ্থক সকল উৎফুল্লিত হৈ পৰে জয় ধ্বনি দিয়ে।
No comments