গণবাৰ্তা : আজাৰা, ১৪ ডিচেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) গুৱাহাটী গ্ৰুপৰ উদ্যোগত পহিলা ডিচেম্বৰৰ পৰা পালন কৰা ' স্বচ্ছ...
গণবাৰ্তা : আজাৰা, ১৪ ডিচেম্বৰ : ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ( এন চি চি ) গুৱাহাটী গ্ৰুপৰ উদ্যোগত পহিলা ডিচেম্বৰৰ পৰা পালন কৰা ' স্বচ্ছতা পষেক' ৰ ১৩ ডিচেম্বৰত সফল সামৰণি পৰে । পষেকৰ লগত সংগতি ৰাখি এন চি চি কেডেট সকলে চাফাই অভিযান , শ্ৰমদান , হাত ধোৱা দিৱস , বাটৰ নাট , চাফ চিকুণ বিষয়ক সজাগতা কাৰ্যসূচী সম্পন্ন কৰে ।
আনহাতে পষেকৰ সামৰণি উপলক্ষে আজি গুৱাহাটী গ্ৰুপৰ মুখ্য কাৰ্যালয়ত আয়োজিত চমু অনুষ্ঠানত গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জে চি তালুকদাৰে পষেক উদযাপনৰ তাৎপৰ্যপূৰ্ণ দাঙি ধৰে । ইয়াৰ উপৰি তালুকদাৰে কেডেট সকলৰ মাজত বঁটা বিতৰণ কৰে ।
No comments