ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৯ ডিচেম্বৰ : দৰং জিলাৰ মঙলদৈ নগৰৰ নিকটৱৰ্তী দিঘীৰপাৰ বৰসত্ৰত দেওবাৰে এগৰাকী বোৱাৰীৰ মৃত্যুৰ পিছত এক উত্তপ্ত পৰি...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ২৯ ডিচেম্বৰ : দৰং জিলাৰ মঙলদৈ নগৰৰ নিকটৱৰ্তী দিঘীৰপাৰ বৰসত্ৰত দেওবাৰে এগৰাকী বোৱাৰীৰ মৃত্যুৰ পিছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কৃষ্ণামনি বৈশ্য নামৰ নৱ বিবাহিতা বোৱাৰীক হত্যাৰ অভিযোগত মহিলা গৰাকীৰ স্বামীৰ ঘৰ লণ্ডভণ্ড কৰে স্থানীয় লোকে। মহিলা গৰাকীৰ স্বামীৰ পৰকীয়া প্ৰেমৰ বাবে এই হত্যাৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ উথ্বাপিত হৈছে । অভিযোগ অনুসৰি পূৰ্বৰে পৰা প্ৰায় প্ৰতি দিনে স্বামীৰ লগতে স্বামীৰ পৰিয়ালে অত্যাচাৰ কৰি অহা কৃষ্ণামনি বৈশ্য নামৰ নৱবিবাহিত বোৱাৰী গৰাকীক অভিযুক্ত স্বামী গৌতম বৈশ্য , শহুৰ খীতেশ্বৰ বৈশ্য আৰু শাহু দৈৱকী বৈশ্যই মিলি হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ খিৰিকীৰ ৰদত ওলোমাই থয়।ওচৰ চুবুৰীয়া আৰু বোৱাৰী গৰাকীৰ পৰিয়ালৰ লোকে এই কথা জানিব পৰাৰ লগে লগে অভিযুক্ত আটাই কেইগৰাকী পলায়ন কৰে ৷ উত্তেজিত ৰাইজে লণ্ড-ভণ্ড কৰে অভিযুক্তৰ ঘৰ ৷এই ঘটনাৰ খৱৰ লাভ কৰাৰ পিছতে মঙলদৈৰ আৰক্ষী উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃত্যুৰ পূৰ্বে লিখা কৃষ্ণামনিৰ এখন পত্ৰ। কৃষ্ণামনিয়ে ইতিমধ্যে হয়তো জানিব পাৰিছিল যে তাইক যিকোনো সময়তে স্বামী আৰু স্বামীৰ পৰিয়ালে হত্যা কৰিব সেইবাবেই হয়তো এই পত্ৰ খন লিখি থৈ গৈছে। পত্ৰ খনত কেইবাগৰাকী অভিযুক্তৰ নাম লিপিবদ্ধ আছে। অভিযুক্ত আটাই কেইগৰাকী বৰ্তমানে ও পলাতক হৈ আছে। ৰহস্য জনক ভাৱে এগৰাকী চৰকাৰী গাঁওবুঢ়াৰ নামো সাঙোৰ খাই পৰিছে অভিযুক্তৰ তালিকাত ৷ সোমবাৰে এই বোৱাৰী হত্যাৰ ঘটনাত জড়িত এজনক আটক কৰে মঙলদৈৰ আৰক্ষীয়ে। মঙলদৈ কৈকাৰা গাঁৱৰ বিচিত্ৰ গাওঁবুঢ়াক আটক কৰে আৰক্ষীয়ে। বোৱাৰী গৰাকী মৃত্যুৰ পূৰ্বে লিখা পত্ৰত নাম উল্লেখ আছে এই গাওঁবুঢ়াৰ নাম। স্বামীৰ পৰিয়ালৰ সতে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহ কৰা হৈছে এই চৰকাৰী গাওঁবুঢ়া গৰাকীক । স্বামী পৰিয়ালৰ অভিযুক্ত সকলক বিচাৰি তদন্ত অব্যাহত ৰাখিছে মঙলদৈ আৰক্ষীয়ে। অতি কম সময়ৰ ভিতৰত আটাই কেইগৰাকী অভিযুক্ত আটক কৰিব পাৰিব বুলি আশা কৰিছে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিনবন্ধু ভূঞাই। আনহাতে দেওবাৰৰ এই বোৱাৰী গৰাকীৰ ৰহস্যজনত হত্যাৰ সতে জড়িত আটাই কেইগৰাকী অভিযুক্তক অতি সোনকালে আটক কৰি দৃষ্টান্ত মুলক শান্তি দাবী তুলিছে জিলা খনৰ বিভিন্ন দল সংগঠনে ।
No comments