Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিনিটা বছৰে বন্ধ হৈ আছে অভিশপ্ত বগীঢলা চাহ বাগিচা; শ্ৰমিকৰ সৈতে জিলা প্ৰশাসনৰ আলোচনা

গণবার্তা, নুমলীগড়,১৭ডিচেম্বৰঃ*তিনি বছৰে বন্ধ হৈ আছে অভিশপ্ত বগীঢলা চাহ বাগিচা ।আজিও সমাধান হোৱা নাই বগীঢলা চাহ বাগিচাৰ শ্ৰমিকসকলৰ  সমস্যা।বৰ...


গণবার্তা, নুমলীগড়,১৭ডিচেম্বৰঃ*তিনি বছৰে বন্ধ হৈ আছে অভিশপ্ত বগীঢলা চাহ বাগিচা ।আজিও সমাধান হোৱা নাই বগীঢলা চাহ বাগিচাৰ শ্ৰমিকসকলৰ  সমস্যা।বৰ্তমাননেও শ্ৰমিকসকল চৰকাৰী সা-সুবিধাৰ বঞ্চিত হৈ আছে ।তিনি বছৰ পূৰ্বে বগীঢলা চাহ বাগিচাত সংঘটিত হৈছিল লোমহৰ্ষক গুলি চালনৰ ঘটনা ।বগীঢলা চাহ বাগিচাৰ মালিকৰ গুলিত আঘাতপ্ৰাপ্ত হৈছিল চাহ বাগিচা খনৰ বহুকেইজন শ্ৰমিক ।যাৰ বাবে  বগীঢলা চাহ বাগিচাত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি ।তিনি বছৰ অতিক্ৰম কৰাৰ পাছতো কিন্তু আজি পৰ্যন্ত সমাধান হোৱা নাই চাহ বাগিচাত কাম কৰি পৰিয়াল পোহপাল দিয়া চাহ শ্ৰমিকসকলৰ সমস্যা ।আনফালে বাগিচা বন্ধ হোৱাৰ পাছত   দৰিদ্ৰ চাহ  শ্ৰমিক সকলৰ বাবে  চৰকাৰৰ পৰা দিয়া সুবিধা সমূহৰ পৰাও   পৰাও বঞ্চিত হৈ আছে বাগিচাখনৰ দৰিদ্ৰ চাহ শ্ৰমিক সকল।ৰাইজৰ অভিযোগ চাহ বাগিচা খনৰ স্বত্বাধিকাৰী গৰাকীয়ে হস্তক্ষেপ কৰি বাগিচাখনত ৰূপায়ণ কৰিবলৈ দিয়া নাই চৰকাৰী আঁচনি সমূহ ।পিছে তিনিটা বছৰে প্ৰশাসনে  কেৱল আলোচনাৰ ওপৰত আলোচনা কৰিয়ে দায়িত্ব সামৰিলে ।তিনিটা বছৰে বছৰে আলোচনা হল শ্ৰমিক সকলৰ সৈতে ।আৰু তিনিবাৰেই প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰিলে প্ৰশাসনে ।গুৰুত্ব প্ৰদান কৰা দেখা নগল চৰকাৰ তথা প্ৰশাসনৰ ।  আজি পুনৰ গোলাঘাট জিলা প্ৰশাসনৰ তৎপৰতা দেখা গল ।ৰাইজৰ অভিযোগ কোনো ধৰণৰ জাননী নিদিয়াকৈ হঠাৎ গোলাঘাট জিলা প্ৰশাসনৰ লোক আহিল  শ্ৰমিকৰ সৈতে আলোচনা কৰিবৰ বাবে ।শ্ৰমিক সকলৰ দাবী তেওঁলোকৰ প্ৰাপ্য পাব লাগিব তেওঁলোকে । কিন্তু প্ৰশ্ন হয় চতুৰ্থ বাৰ আলোচনাৰ পাছত শ্ৰমিকৰ সমস্যা সমাধান  হব নে? নে পূৰ্বৰ দৰেই কেৱল আলোচনাতেই স্থবিৰ হব সমগ্ৰ বিষয়টো !

No comments