গণ বাৰ্তা, ডিব্ৰুগড়, ১৮ ডিচেম্বৰঃ এগৰাকী আৰক্ষী বিষয়াৰ ফটো ব্যৱহাৰ কৰি ভুৱা ফেচবুক একাউণ্ট খোলাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড় জিল...
গণ বাৰ্তা, ডিব্ৰুগড়, ১৮ ডিচেম্বৰঃ এগৰাকী আৰক্ষী বিষয়াৰ ফটো ব্যৱহাৰ কৰি ভুৱা ফেচবুক একাউণ্ট খোলাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড় জিলাৰ লাহোৱালত৷ ইতিমধ্যে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে এজাহাৰ দাখিল কৰিছে খোদ আৰক্ষী বিষয়াই৷ ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋষিকেশ হাজৰিকাৰ ফটো ব্যৱহাৰ কৰি ‘চাদ্দাম আহমেদ’ৰ নামেৰে ভুৱা ফেচবুক একাউণ্ট খুলিছে কোনো চক্ৰই। ঋষিকেশ হাজৰিকাৰ ফটো ব্যৱহাৰ কৰি ‘চাদ্দাম আহমেদ’ নামৰ চদ্মনামত ফেচবুক একাউণ্ট খোলাত আৰক্ষী মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। এজন আৰক্ষী বিষয়াৰ নামত ফেক একাউণ্ট খুলিবলৈ ভয় নকৰা ভুৱা একাউণ্ট খোলা চক্ৰটোৱে যাৰে তাৰে নামক ফেচবুক একাউণ্ট খুলি অনৈতিক কাণ্ড সংঘটিত কৰিব পাৰে। ইতিমধ্যে আৰক্ষী বিষয়া ঋষিকেশ হাজৰিকাই লাহোৱাল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰি ভুৱা একাউণ্ট খোলা চক্ৰৰ বিৰুদ্ধে তদন্ত কৰিব৷
No comments