Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত চোৰৰ দপদপনি: একে নিশাই দুখন এনফিল্ড চুৰি

গণবাৰ্তা বিশেষ, যোৰহাট ২৪ ডিচেম্বৰ :  যোৰহাট আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি চহৰ খনত বিগত কিছু দিন ধৰি চোৰৰ উপদ্ৰৱ বৃদ্ধি পা...


গণবাৰ্তা বিশেষ, যোৰহাট ২৪ ডিচেম্বৰ :  যোৰহাট আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি চহৰ খনত বিগত কিছু দিন ধৰি চোৰৰ উপদ্ৰৱ বৃদ্ধি পাব ধৰিছে| সততে আৰক্ষীয়ে গিজগিজাই থকা বুলি ওফাইডাং মৰা যোৰহাট আৰক্ষীক পুনৰ বুঢ়া আঙুলি দেখুৱাই কালি নিশা দুখনকৈ ৰয়েল এনফিল্ড চুৰি কৰি নিয়ে চোৰে| জানিব পৰা মতে চহৰৰ মাজ মজিয়াৰ নিউ বালিবাটৰ ৰানী হোটেলৰ সমীপৰ পৰা এখন চেৰী ৰংৰ নম্বৰ প্লেট বিহীন নতুন ৰয়েল এনফিল্ড নিশা প্ৰায় ১১ বজাত চোৰে লৈ যায়| মটৰচাইকেল চুৰি হোৱাৰ পিছতে আৰক্ষীক অৱগত কৰা লগতে এজাহাৰ দাখিল কৰা হয় যদিও এই পৰ্য্যন্ত আৰক্ষীয়ে কোনো শুংসুত্ৰ উলিয়াব পৰা নাই| আনহাতে এক সুত্ৰৰ পৰা পোৱা খবৰ অনুসৰি চহৰৰ মাজৰ জেইল ৰোডৰ পৰা আন এখন ৰয়েল এনফিল্ড মটৰচাইকেল একে নিশাই চুৰি হয়| অৱশ্যে দ্বিতীয়খন এনফিল্ড চুৰি সম্পৰ্কে আৰক্ষীৰ হাতত কোনো তথ্য নাই আৰু গৰাকীয়ে আৰক্ষীক অৱগত কৰা নাই বুলি জানিব দিয়ে যোৰহাট সদৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াজনে| টহলদাৰী আৰক্ষীয়ে চহৰত টহল দি থকাৰ মাজতে কিদৰে চোৰে অতি সহজে চুৰি ঘটনা সংঘটিত কৰি পলাই যাবলৈ সক্ষম হয় তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে যোৰহাটৰ সচেতন মহলে|

No comments