Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মঙলদৈ আউলাচৌকাত চিনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ প্ৰস্তুতি

ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৯ ডিচেম্বৰঃ অসম ভলীবল সন্থাৰ তত্বাৱধানত, মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু আউলাচৌকা টাইগাৰ ফৰ্চৰ ব্যৱস্থাপনাত অহা ২৫, ...


ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১৯ ডিচেম্বৰঃ অসম ভলীবল সন্থাৰ তত্বাৱধানত, মঙলদৈ ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু আউলাচৌকা টাইগাৰ ফৰ্চৰ ব্যৱস্থাপনাত অহা ২৫, ২৬, ২৭ ডিচেম্বৰত পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ভৈৰৱ চন্দ্ৰ শৰ্মা আৰু পখিলা দেৱী সোঁৱৰণী ক্ষেত্ৰত ৫৭ সংখ্যক চিনিয়ৰ আন্তঃ জিলা (পুৰুষ - মহিলা) ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ বাবে ৯ মাহে খেলৰ পৰিবেশত যি নেতিবাচক প্ৰভাব পৰিছিল, তাৰ পৰিবৰ্তে উদ্যোক্তাসকলে দিনে নিশাই শ্ৰম কৰি প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে বিধায়ক গুৰুজ্যোতি দাসক সভাপতি, লোকেন শৰ্মাক কাৰ্যকৰী সভাপতি, জ্যোতিৰ্ময় শইকীয়াক সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। প্ৰচাৰ উপসমিতিৰ সভাপতি গণেশ দত্ত, সম্পাদক অঞ্জন কুমাৰ নাথ, মৃণাল শৰ্মাই জনোৱা মতে, মুঠ দহ লাখ টকা বাজেট ধাৰ্য্য কৰা এই প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন জিলাৰ পুৰুষ - মহিলাৰ কমেও ৩৫ টা দলে অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখনৰ বাবে চাৰিখন ক'ৰ্ট ইতিমধ্যে সাজু হৈ উঠিছে। কেইবাখনো তোৰণ নিৰ্মাণ কৰা হৈছে। গঞা ৰাইজেও প্ৰতিযোগিতাখনক লৈ উৎসাহিত হৈ পৰিছে। যিয়ে যেনেকৈ পাৰে সহায়ৰ হাত আগবঢ়াই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰাত লাগি পৰিছে। ইপিনে খেল পৰিচালনা কৰাৰ বাবে অসম ভলীবল সন্থাই ২২ জন ৰেফাৰীৰ নাম ঘোষণা কৰিছে। ধনজিৎ দাসক ৰেফাৰী ইনচাৰ্জৰ দায়িত্ব দি ঘোষণা কৰা ৰেফাৰী সকল হ'ল- উৎপল বৰুৱা (শিৱসাগৰ), নজৰুল ইছলাম (যোৰহাট), মনোনয়ন পাঠক, টংকেশ্বৰ ওজা (তেজপুৰ), নিতুল বৰুৱা (উত্তৰ লখিমপুৰ), আৰ কে এইচ বসুমতাৰী, ব্ৰজেন বড়ো (ভেৰগাঁও), বীৰেণ শৰ্মা, দেৱজিৎ ডেকা, হিতেশ দাস, বিকাশ ভট্ট (নলবাৰী), সুনীল গোস্বামী, মানস শৰ্মা (বজালী), প্ৰসন্ন তালুকদাৰ, বকুল দাস, সঞ্জীৱ শৰ্মা (গুৱাহাটী), প্ৰদীপ কুমাৰ দাস (বৰপেটা), জে আৰ কাকতি (ৰঙিয়া), ফুকন বড়ো (ওদালগুৰি), বিভূতি ভূষণ মজুমদাৰ (তামুলপুৰ), জগমোহন তালুকদাৰ (উত্তৰ পশ্চিম দৰং), ক্ষীৰেণ নাথ (বঙাইগাঁও)। এই ৰেফাৰী সকলক ২৪ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত মঙলদৈ আউলাচৌকাত উপস্থিত হবলৈ কোৱা হৈছে।

No comments