Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বোকাজানত ট্ৰাক-টাটা ছুমোৰ মুখামুখি সংঘৰ্ষত একেটা পৰিয়ালৰ চাৰিজন নিহত

গণ বাৰ্তা, বোকাজান, ৭ ডিচেম্বৰ ঃ আজি সন্ধিয়া বোকাজানৰ বাঘজানত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত চাৰিজন লোক ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে আ...

গণ বাৰ্তা, বোকাজান, ৭ ডিচেম্বৰ ঃ আজি সন্ধিয়া বোকাজানৰ বাঘজানত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত চাৰিজন লোক ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে আন দুজন অতি গুৰুতৰভাৱে আহত হয়। প্ৰাপ্ত তথ্য অনুসৰি গোলাঘাট অভিমুখে আহি থকা এএছ-২১-৭৬৫৪ নম্বৰৰ ট্ৰাকখনে ডিমাপুৰৰ দিশে আহি থকা এনএল-০৭টি-০৫২৬ নম্বৰৰ টাটা ছুমোখনত সন্মুখৰ পৰা প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। শোকাৱহ পথ দুৰ্ঘটনাটোত চাৰিজন লোক থিতাতে নিহত হয়। 

নিহত লোককেইজন নাগালেণ্ডৰ লংলেঙৰ বাসিন্দা ক্ৰমে পকচাম, আবং, কান্দাট আৰু য়ংকাই বুলি চিনাক্ত কৰা হৈছে। নিহত আটাইকেইজন একেটা পৰিয়ালৰে লোক বুলি জানিব পৰা গৈছে। লংলেঙৰ পৰা দলটোৱে ডিমাপুৰৰ এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি থকা অৱস্থাতে এই শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে দুৰ্ঘটনাটোত আহত লোক দুজনক ততালিকে বোকাজান প্ৰাথমিক চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হয়। 

No comments