Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অধিবেশনৰ সামৰণি ; লুৰীণজ্যোতি গগৈ সভাপতি, জগদীশ ভূঞা সাধাৰণ সম্পাদক নিৰ্বাচিত

  গণ বার্তা, গণ বার্তা বিশেষ ,শিৱসাগৰ ,১৭ ডিচেম্বৰ :  বহু প্ৰত্যাশিত অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন আজি শিৱসাগৰত সামৰণি পৰে । ঐত...

 


গণ বার্তা, গণ বার্তা বিশেষ ,শিৱসাগৰ ,১৭ ডিচেম্বৰ :  বহু প্ৰত্যাশিত অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তন আজি শিৱসাগৰত সামৰণি পৰে ।

ঐতিহ্যমণ্ডিত বৰ্ডিং খেলপথাৰত দুদিনীয়াকৈ অনুষ্ঠিত এই অভিৱৰ্তনতে আছুৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈক দলটোৰ সভাপতি হিচাপে অধিষ্ঠিত কৰা হয় । 
আজি বৰ্ডিং খেলপথাৰত অনুষ্ঠিত মুকলি সভাত অসম জাতীয় পৰিষদৰ প্ৰথমগৰাকী সভাপতি হিচাপে লুৰীণজ্যোতি গগৈৰ নাম ঘোষণা কৰে ৰাজ্যিক মুখ্য আহ্বায়ক ড° কৃষ্ণগোপাল ভট্টাচাৰ্যই ।
মঙলবাৰৰ পৰা শিৱসাগৰ নাট্য মন্দিৰত অনুষ্ঠিত হয় প্ৰতিনিধি সভা । প্ৰতিনিধি সভাতে দলৰ সংবিধান গৃহীত কৰাৰ লগতে গ্ৰহণ কৰা হয় ১৯ টা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয় ।
আজিৰ প্ৰতিনিধি সভাৰ বিষয় বাচনি সভাত দলটোৰ সম্পাদককে ধৰি কাৰ্যনিৰ্বাহক সমিতিখন ঘোষণা কৰে যদিও মুকলি সভাতহে ৰাজহুৱা কৰা হয় মূল পদবীত আসীন ব্যক্তিসকলৰ নাম ।
সেই অনুসৰি দলটোৰ কাৰ্যকৰী সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে  বিধায়ক পবীন্দ্ৰ ডেকাক ।
সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় জগদীশ ভূঞাক ।
১১ জন উপ সভাপতি,
১১ জন সম্পাদক,
১১ জন যুটীয়া সম্পাদক আৰু ১১ জন সাংগঠনিক সম্পাদকৰ নামে পূৰ্ণাংগ সমিতিখন ঘোষণা কৰা হয় । উল্লেখ্য যে 
অসম জাতীয় পৰিষদৰ প্ৰথমখন ৰাজনৈতিক অভিৱৰ্তনৰ আজিৰ মুকলি সভাত উপস্থিত থাকি ঐতিহাসিক ক্ষণৰ সাক্ষী হয় লুৰীণজ্যোতিৰ মাতৃ দুলু গগৈ । ৰাজ্যিক মুখ্য আহ্বায়ক ড° কৃষ্ণগোপাল ভট্টাচাৰ্যই অসম জাতীয় পৰিষদৰ প্ৰথমগৰাকী সভাপতি হিচাপে পুত্ৰৰ নাম ঘোষণা কৰাৰ লগেলগে আবেগিক হৈ পৰা মাতৃক সেৱা জনায় মঞ্চত পদাৰ্পণ কৰে লুৰিণজ্যোতিয়ে ।
মুকলি সভাৰ পূৰ্বে বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হয় জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ।
অভিৱৰ্তনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সমবেত হয় ত্ৰিশ সহস্ৰাধিক জনতা ।
মুকলি সভাতে মিচড কলৰ জড়িয়তে দলত যোগদান কৰিবৰ বাবে ৯১৬৯১৬৫৫৮০ নম্বৰটো ঘোষণা কৰা হয় ।

উল্লেখ্য যে, GTPL V&S ৰ মুখ্য সঞ্চালক মাৰ্ঘেৰিটাৰ সঞ্জয় কুমাৰ দেৱক অসম জাতীয় পৰিষদৰ প্ৰথমখন পূৰ্ণাংগ সমিতিৰ ১১ জনীয়া সম্পাদক মণ্ডলীত অন্তৰ্ভূক্ত কৰা হয় ।

No comments