গনবাৰ্তা বকো, ১৪ ডিচেম্বৰ : ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰি অহা জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা খন বিগত বছৰবোৰৰ দৰে এই বৰ্ষও ...
গনবাৰ্তা বকো, ১৪ ডিচেম্বৰ : ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰি অহা জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা খন বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত বকো হাইস্কুল খেলপথাৰত যোৱা ৬ ডিচেম্বৰৰ পৰা শুভাৰম্ভণি হৈ প্ৰতিদিনে খেল চলাৰ পিছত আজি চুড়ান্ত খেল খন অনুষ্ঠিত হয়। উল্লেখ্য যে ; জাতি জনগোষ্ঠীৰ সমন্বয়ৰ জননেতা গৰাকীৰ ঊনবিংশ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় সোৱৰণী ফুটবল প্ৰতিযোগিতা খন। জননেতা সব্যসাচী ৰাভা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা খন পৰিচালনা সমিতিৰ সভাপতি সুমিত ৰাভা আৰু সম্পাদক তথা যুৱ কৰ্মী জগন্নাথ ৰাভাই জনোৱা মতে আজি চুড়ান্ত খেলত প্ৰতিদ্বন্দিতা কৰে ৰাভা হাছং ক্ৰীড়া সন্থাৰ ফুটবল দ'ল বনাম কুৰুৱাভাছা কৃষ্ণজ্যোতি সংঘৰ ফুটবল দলে। খেল খনৰ সামৰণিত হোৱা বটা বিতৰণী অনুস্থান উপস্থিত থাকে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য টংকেশ্বৰ ৰাভা ; পৰিষদৰ কাৰ্যবাহী সদস্য ক্ৰমে সুমিত ৰাভা, আদিত্য ৰাভা, উপাধাক্ষ্য ৰমাকান্ত ৰাভা, নগৰমল স্বৰ্গীয়াৰী, বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয় আৰু সাধাৰণ সদস্য সকল আৰু বৃহত্তৰ অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট সমাজকৰ্মী তথা ক্ৰীড়াপ্ৰেমী সহশ্ৰাধিক ৰাইজ। অনুষ্ঠানত আৰছুৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইজন বিষয় ববীয়াৰ লগতে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি অসিম কুমাৰ ৰাভা ; নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা সহ বহু নেতৃবৃন্দ। খেল খন প্ৰথমাৰ্ধত ১ আৰু ১ খেলত অমিমাংসিত ভাৱে সামৰণি হয় আৰু ট্ৰাইবেকাৰৰ জৰিয়তে কুৰুৱাভাছা কৃষ্ণজ্যোতি সংঘই চেম্পিয়নশ্বিপ অৰ্জন কৰে।
No comments