Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পূৰ্ববংগীয় মুছলমান-এক অৱহেলিত, পৰিচয়বিহীন জনগোষ্ঠী

হান্নানুল আহমেদ ৰাম, ৰহিম                 ৰংপি, ৰাভা          কোনো নহয় পৰ; আপোনমনে             সাজিম আমি      সমন্বয়ৰ ঘৰ।  ঐতিহ্য আৰু সমন্বয়...

হান্নানুল আহমেদ

ৰাম, ৰহিম                 ৰংপি, ৰাভা

         কোনো নহয় পৰ;

আপোনমনে             সাজিম আমি

     সমন্বয়ৰ ঘৰ। 

ঐতিহ্য আৰু সমন্বয়ৰ ৰঙ্গভূমি আমাৰ দেশ ভাৰতবৰ্ষ। বিভিন্ন জাতি, ধৰ্ম, সভ্যতা, সংস্কৃতিৰ লোকসকলে ভাৰতলৈ আহি ভাৰতবাসীৰ লগত মিলি গৈ ভাৰতীয় সভ্যতাকে গ্ৰহণ কৰি এক ভাৰতীয় মহান জাতি আৰু সভ্যতা গঢ়ি তুলিছে। এক মহান, কল্যাণকামী, গণতান্ত্ৰিক, ধৰ্ম-নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে জাতি, ধৰ্ম, বৰ্ণ, সম্প্ৰদায় নিৰ্বিশেষে সকলো ভাৰতবাসীৰ ইয়াত সমান আসন, সমান অধিকাৰ। সমগ্ৰ বিশ্বৰ দৃষ্টিত ভাৰতবৰ্ষ অনৈক্যৰ মাজত ঐক্যৰ এক শ্ৰেষ্ঠতম নিদৰ্শন। 

আমাৰ ৰাজ্য অসমখনো ব্যতিক্ৰম নহয়। ই নানা জাতি-উপজাতি আৰু সম্প্ৰদায়ৰ মিলনভূমি। সাতামপুৰুষীয়া শান্তি-সম্প্ৰীতি তথা সমন্বয়েই অসমৰ ঐতিহ্যমণ্ডিত বৈশিষ্ট্য। বিভিন্ন জাতি-জনগোষ্ঠীৰ মহামিলনৰ জৰিয়তে অসমৰ ভাষা-সংস্কৃতি, কলা-কৃষ্টি আদি গঢ় লৈ উঠিছে।

আজি আমাৰ ভাৰতবৰ্ষ তথা অসমৰ দুৰ্ভাগ্য এয়ে যে ঐতিহ্য আৰু সমন্বয়ৰ মিলনভূমি বুলি পৰিচিত দেশত মিলনৰ সেঁতু ভাঙি-ছিগি থান-বান হোৱাৰ উপক্ৰম হৈছে। বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একতাৰ বান্ধোনত ঘুণে ধৰিছে। অৰ্থাৎ বৰ্তমান দেশৰ সংহতি বিপন্ন হোৱাটো পৰিলক্ষিত হৈছে। ই কেৱল উদ্বেগজনকেই নহয়; বৰং ভয়ংকৰ  বিপদৰ আগজাননী।

অন্যান্য জাতি-জনগোষ্ঠীৰ দৰে পূৰ্ববংগীয়মূলৰ মুছলমানসকলেও বৃহত্তৰ অসমীয়া জাতিৰ এক অবিেচ্ছদ্য অংগ। কোনোবাই স্বীকাৰ কৰক বা নকৰক অসমীয়া সাহিত্য, কলা-কৃষ্টি, ভাষা-সংস্কৃতি তথা আৰ্থ-সামাজিক  উন্নয়নত এইসকল লোকৰ ভূমিকা অপৰিসীম। কিন্তু এই জনগোষ্ঠীটো আজি অস্তিত্বৰ সংকটত। সংখ্যাত প্ৰায় এক তৃতীয়াংশ এইসকল লোক যেন আজি পৰিচয়বিহীন, যাৰ কোনো নিজা দেশ নাই, মাটি, নাই, ৰাজ্য নাই আনকি আত্মসন্মানো নাই। পদে পদে অপমাণিত হৈছে, ঘৃণাৰে উপচাই দিয়া হৈছে তেওঁলোকক। যিকোনো ব্যক্তি বা দল-সংগঠনে তেওঁলোকক বিনা দ্বিধাই আক্ৰমণ কৰিব পাৰে। বাংলাদেশী বুলি তুচ্ছ-তাচ্চিল্য কৰি শাৰীৰিক-মানসিক নিৰ্যাতন চলাব পাৰে। যেন এক ৰাষ্ট্ৰহীন যাযাবৰ মানুহ ইহঁত। 

দুখৰ বিষয় এয়ে যে মানুহ হিচাপে এই সম্প্ৰদায়ৰ লোকসকলে অন্যান্য সম্প্ৰদায়ৰ দৰে সমান মৰ্যাদা পোৱাৰ পৰা বঞ্চিত হৈছে। এওঁলোকক কেৱল বেদখলাকাৰী, সাম্প্ৰদায়িক, অপৰাধপ্ৰৱণ জাতি হিচাপে সমাজত হেয় প্ৰতিপন্ন কৰি নেতিবাচক দৃষ্টিৰে চাবলৈ আৰম্ভ কৰা হৈছে। কিছুসংখ্যক সংবাদ মধ্যমেও এই ক্ষেত্ৰত হাত উজান দি পৰিৱেশ অধিক কলুষিত কৰি তুলিছে।

কিন্তু কিয় আজি এই জাতিৰ ওপৰত ইমান অত্যাচাৰ· কিয় পূৰ্ববংগীয় মুছলমান লোকক দেখিয়েই বাংলাদেশী বুলি ইতিকিং কৰাৰ প্ৰৱণতা বাঢ়ি হৈছে· দাড়ী, টুপী, লুঙী পিন্ধিলেই হকে-বিহকে বাংলাদেশীৰ লেবেল লগাই কিয় নিৰ্যাতন কৰা হয়· ই এক চিন্তনীয় তথা বিচাৰ্যৰ বিষয় হৈ পৰিছে।

পূৰ্ববংগীয় মূলৰ মুছলমানসকলৰ সতি-সন্ততিয়ে বৰ্তমান তৃতীয় চতুৰ্থ প্ৰজন্মত ভৰি দিছে। তথাপি তেওঁলোক বাংলাদেশী অপবাদৰ পৰা হাত সাৰিব পৰা নাই। এইসকল লোকতো ওপৰৰ পৰা সৰি পৰা কোনো জনগোষ্ঠীৰ নহয়। ব্ৰিটিছ শাসিত দেশত একেখন দেশৰ পৰা অসমলৈ অভিবাসনহে কৰিছিল। এখন দেশৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰব্ৰজন কৰা অৰ্থাৎ একেটা প্ৰশাসনব্যৱস্থাৰ  এলেকাধীন হৈ থকা অবিভক্ত ভাৰতবৰ্ষৰ পূৰ্ববংগৰ পৰা অসমলৈ আগমন ঘটিছিল। প্ৰব্ৰজন মানৱ ইতিহাসৰ এক স্বাভাৱিক আৰু চিৰন্তন চৰিত্ৰ। মানৱ সৃষ্টিৰ আদি আদি কালৰে পৰাই মানুহে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰব্ৰজন কৰি আহিছে। এই প্ৰব্ৰজনৰ আঁৰত অৱশ্যে কিছুমান কাৰক নিহিত হৈ আছে। ইয়াৰে কিছুমান প্ৰাকৃতিক আৰু কিছুমান আৰ্থ-সামাজিক আৰু ৰাজনৈতিক।

অসমলৈ পূৰ্ববংগীয় মুছলমানসকলৰ আগমন ঘটিছিল চাহ শ্ৰমিকৰসকলৰ সম-সাময়িকভাৱে। অৰ্থাৎ ঊনবিংশ শতিকাৰ মাজভাগত। ১৮৭১ চনৰ লোকপিয়লত সৰ্বপ্ৰথম এই জনগোষ্ঠীৰ অস্তিত্বৰ কথা জনা যায়। উল্লেখ্য যে অসমলৈ পূৰ্ববংগীয় মুছলমানৰ সৰ্বাধিক প্ৰব্ৰজন ঘটিছিল ১৯১১ চনৰ পৰা ১৯৪১ চনৰ ভিতৰত। অৱশ্যে এই লোকসকল কোনো ৰাজনৈতিক অভীপ্সা পূৰণ কৰিবলৈ অহা নাছিল। দৰিদ্ৰ কৃষি মজদুৰসকলক অসমৰ অনাবাদী কৃষ্টিভূমিত অধিক শস্য উৎপাদনৰ বাবে আমদানি কৰা হৈছিল।

পূৰ্ববংগীয় মুছলমানসকল অসমলৈ অহাৰ আগেয়ে অসমৰ হাজাৰ হাজাৰ বিঘা মাটি হাবি-জংঘলেৰে ভৰপূৰ তথা বনৰীয়া জীৱ-জন্তুৰ বিচৰণ ভূমি আছিল। এই ঠাইবিলাকো যে খেতিৰ উপযোগী কৰিব পাৰি সেয়া তেতিয়াৰ অসমীয়া সমাজৰ লোকসকলৰ কল্পনাতীত আছিল। কিন্তু পূৰ্ববংগীয় মুছলমানসকলে এই কাম সম্ভৱ কৰি তুলিছিল। তেওঁলোক আনকি হিংস্ৰ জন্তুৰ আক্ৰমণ, মেলেৰিয়া, ক’লাজ্বৰ আদি প্ৰাণনাশক বেমাৰকো মোকাবিলা কৰি নদী কাষৰীয়া দ অঞ্চল আৰু চৰ-চাপৰিৰ অনাবাদী মাটিসমূহ চহাই কৃষিৰ উপযোগী কৰি গঢ়ি তোলে। ধান, মাহ, সৰিয়হ, ঘেঁহু, মৰাপাট আদি শস্য উৎপাদনেৰে প্ৰব্ৰজনকাৰী মুছলমানসকলে অসমত এক সেউজ বিপ্লৱৰ সূচনা কৰিছিল।  

অসমৰ কৃষিজাত শস্যাদিৰ এক তৃতীয়াংশ উৎপাদন হয় এই চৰ-চাপৰি আৰু নদী কাষৰীয়া অঞ্চলসমূহত। অকল কৃষিজাত শস্যৰ নহয়, হাঁহ-কুকুৰা, ভেৰা-ছাগলী,  গাখীৰ আৰু মৎস্য উৎপাদনৰ ক্ষেত্ৰতো চৰ-চাপৰি অঞ্চলৰ তুলনা নহয়। বৰ্তমান সময়তো দেখা যায় যে যিবিলাক অঞ্চলত পূৰ্ববংগীয় মূলৰ জনবসতি বেছি সেই ঠাইসমূহৰ পৰাই গোটেই অসমতে শাক-পাচলিৰ  লগতে মাছ পৰ্যাপ্ত পৰিমাণে ৰপ্তানি হয়। মুঠতে পৰিশ্ৰমী, কষ্টসহিষু্ণ এইসকল লোক অসমৰ কৃষি অৰ্থনীতিৰ মূল চালিকা শক্তি হিচাপে পৰিচিত।

অসমীয়া ভাষা- সাহিত্যলৈও এইসকল লোকৰ অৰিহণা কম নহয়। প্ৰব্ৰজনৰ উষা লগ্নৰে পৰাই পূৰ্ববংগীয় মুছলমানসকলে অসমীয়া মূল সঁুতিৰ লগত জীণ যাবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ১৯৫১ চনত অসমীয়া ভাষাক ৰাজ্যভাষা হিচাপে প্ৰতিষ্ঠিত কৰাৰ পৰা ১৯৬০ চনৰ ভাষা আন্দোলন আৰু ১৯৭২ চনৰ আন্দোলনত এই জনগোষ্ঠীৰ লোকে যথেষ্ট ত্যাগ আৰু দেশাত্মবোধৰ পৰিচয় দাঙি ধৰিছে। ১৯৫১ চনৰ লোকপিয়লত এই সকলোকে নিজৰ মাতৃভাষা অসমীয়া বুলি ঘোষণা কৰাৰ ফলত ৰাজ্যখনত অসমীয়াভাষী মানুহৰ সংখ্যা গৰিষ্ঠ হয় আৰু ইয়াৰ ফলশ্ৰুতিতেই ১৯৫৬ চনত ভাষা ভিত্তিক ৰাজ্য পুনৰ্গঠন আয়োগে অসমক অসমীয়াভাষী হিচাপে ঘোষণা কৰে। 

কুৰি শতিকাৰ আৰম্ভণিৰে পৰাই চৰ-চাপৰি অঞ্চলৰ পূৰ্বসূৰীসকলে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান-প্ৰতিষ্ঠানে নিজৰ সন্তানৰ শিক্ষা-দীক্ষাৰ ব্যৱস্থা কৰিছে আৰু এই প্ৰক্ৰিয়া আজিও অব্যাহত আছে। চৰ-চাপৰি তথা এইসকল লোক বসবাস কৰা ঠাইসমূহৰ সম্যক জ্ঞান থকা লোক নিশ্চয় অৱগত যে সেই অঞ্চলসমূহত বাংলা মাধ্যমৰ এখনো চৰকাৰী তথা ব্যক্তিগত বিদ্যালয় নাই। এই জনগোষ্ঠীৰ বহুতেই অসমীয়া সাহিত্য চৰ্চা তথা কলা-কৃষ্টিৰ সাধনা কৰি আছে আৰু অসমীয়া ভাষাত লিখা-মেলা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। উল্লেখ্য যে, বৰ্তমান সময়ত নবীন প্ৰজন্মৰ প্ৰতিশ্ৰুতিসম্পন্ন বহুতো লেখক এই জনগোষ্ঠীটোৰ পৰা ওলাইছে যিসকল অসমীয়া সাহিত্য জাতিৰ সম্পদস্বৰূপ। 

মুঠতে অসমৰ অৰ্থনৈতিক উন্নয়ন, কৃষিৰ শ্ৰীবৃদ্ধি আৰু অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত পূৰ্ববংগীয় মুছলমানসকলৰ অৱদান অন্যান্য জাতি-জনগোষ্ঠীতকৈ কোনো গুণে কম নহয়। তৎসত্ত্বেও এইসকল লোকক মিঞা, বাংলাদেশী, বিদেশী, চৰুৱা, পমুৱা, মৈমনসিঙীয়া ইত্যাদি শব্দৰ প্ৰয়োগৰে সমাজখনৰ মূল স্ৰোতৰ পৰা বিচ্ছিন্ন কৰাৰ চক্ৰান্ত কৰা হৈছে। বহুদিনীয়া সাম্প্ৰদায়িক বিভেদ আৰু সংঘাতৰ ইতিহাসে তেওঁলোকৰ আৰু হিন্দু অসমীয়া লোকসকলৰ মাজত এক অদৃশ্য দেৱালৰ সৃষ্টি কৰিছে। নিজৰ ভাষা-সংস্কৃতি, কলা-কৃষ্টি আদি সৰ্বস্ব ত্যাগ কৰি অসমীায় মূল সুঁতিত জাহ যাবলৈ শ শ বছৰ ধৰি প্ৰচেষ্টা অব্যাহত ৰখা সত্ত্বেও তেওঁলোকক অসমীয়া হিচাপে মানি ল’বলৈ বা স্বীকৃতি দিবলৈ আজি এচাম উগ্ৰ তথা দুৰভিসন্ধি থকা নেতা-কৰ্মী আৰু দল-সংগঠনে অস্বীকাৰ কৰি আহিছে। 

প্ৰায় ১২৫ কোটি জনসংখ্যাৰ দেশ ভাৰতবৰ্ষৰ ১৪ শতাংশ মুছলমান। অৰ্থাৎ জনসংখ্যাৰ ফালৰ পৰা মুছলমানসকল ভাৰতৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী। কিন্তু পৰিতাপৰ কথা এয়ে যে অসমৰ লগতে সমগ্ৰ দেশতে আজি মুছলমানসকলৰ আৰ্থ-সামাজিক দিশ অতিকৈ পুতৌ লগা। সত্তৰ বছৰীয়া পৰিক্ৰমাৰ পিছত দেখা গৈছে যে জীৱন-জীৱিকাৰ সকলোবোৰ ক্ষেত্ৰতে মুছলমানসকলে নিদাৰুণ বৈষম্য আৰু বঞ্চনাৰ বলি হৈ আহিছে। আপেক্ষিকভাৱে দৰিদ্ৰ এইসকল লোক; কাৰণ উপাৰ্জনৰ পথবোৰ তেওঁলোকৰ ক্ষেত্ৰত অতি সংকুচিত। 

ৰংগনাথ মিশ্ৰ কমিছন আৰু ছাচাৰ কমিছনৰ ব্যাখ্যাত মুছলমানসকলৰ অনগ্ৰসৰতাৰ প্ৰকৃত ছবিখন ওলাই পৰিছে। দুয়োটা আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিলে হয়তো মুছলমানসকলৰ দুৰৱস্থাৰ কিছু শাম কাটিলেহেঁতেন। কিন্তু দুখৰ বিষয়, অসমকে ধৰি ভাৰতৰ কোনো এখন অংগৰাজ্যই এতিয়ালৈ উক্ত পৰামৰ্শসমূহ কাৰ্যকৰীকৰণৰ কোনো ব্যৱস্থা নকৰিলে হয়তো সংখ্যাগুৰু সম্প্ৰদায়ৰ সমৰ্থন হেৰুৱাৰ ভয়ত। 

দৰিদ্ৰতাই পিষ্ট কৰা, এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এইসকল লোকে কেতিয়াও ৰাজ্যৰ দাবীত, স্বায়ত্ত শাসনৰ দাবীত, ভাষাৰ দাবীত, চাকৰিৰ দাবীত বা সংৰক্ষণৰ দাবীত আন্দোলন কৰা নাই। অনাদি কালৰে পৰা তেওঁলোকে মৰণ-পণ যুঁজ দি আছে কেৱল অসম ভূমিত ভাৰতীয় নাগৰিক হিচাপে পৰিচয় দি জীৱনে-মৰণে কেৱল অসমীয়া হৈ জীয়াই থাকিবলৈ। 

অসমত আন আন জনগোষ্ঠীৰ লোকে বসবাস কৰি আছে। তেওঁলোক নিজকে অসমীয়া বুলি নক’লেও কোনো অসুবিধা নাই। বড়োকে ধৰি ৰাজ্যখনৰ অন্যান্য কিছু জনগোষ্ঠীয়ে মাজে সময়ে নিজকে অসমীয়া নহয় বুলি ঘোষণা কৰা দেখা যায়। অৰ্থাৎ যিসকলে অসমীয়া হ’ব নিবিচাৰে তেওঁলোকক অসমীয়া সজাব বিচৰা হৈছে তাৰ বিপৰীতে স্বাধীনতাৰ আগৰ আৰু পিছৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা আহি অসমত থিতাপি লোৱা, অসমীয় জাতীয় জীৱনত বিলীন হৈ নিজকে অসমীয়া বুলি চিনাকি দিয়া, চিৰ চেনেহী, মোৰ ভাষা জননীৰ ত্ৰাণকৰ্তা এই জনগোষ্ঠীৰ লোকসকলক অসমীয়া বুলি আদৰি লোৱাৰ পৰিৱৰ্তে অসমীয়া মূল সুঁতিৰ পৰা ঠেলি পঠিওৱাৰ কুটিল ৰাজনীতি কৰা হৈছে। 

এই জনগোষ্ঠীৰ লোকে ধাৰাবাহিকভাৱে হিংসা আৰু অন্যায়ৰ বলি হৈ আহিছে। প্ৰতিবছৰ বান আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হৈ অসংখ্য লোকে দুবেলা  দুমুঠি অন্ন যোগাৰৰ বাবে কামৰ সন্ধানত বিভিন্ন নগৰ চহৰলৈ প্ৰব্ৰজন কৰে। দৰিদ্ৰ, নিৰক্ষৰ, প্ৰকৃত ভাৰতীয় এইসকল লোকক সন্দেহযুক্ত নাগৰিক, বেদখলকাৰী, বাংলাদেশী বুলি অপবাদ জাপি দি শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন কৰা হৈছে। সদায় বিদেশী সমস্যাৰ ভূতে খেদি ফুৰা লোকসকলে বিদেশীৰ নামত বংগীয় মূলৰ গৰিষ্ঠসংখ্যক নাগৰিককে সন্দেহৰ চকুৰে চাইছে। বিদেশী বহিষ্কৰণৰ নামত কেতবোৰ উগ্ৰ জাতীয়তাবাদী দল-সংগঠনে অসমৰ ধৰ্মীয় সংখ্যালঘু মুছলমানৰ ওপৰত ধাৰাবাহিকভাৱে চলোৱা জোৰ-জুলুম তথা অত্যাচাৰে তেওঁলোকৰ জীৱন বিপৰ্যস্ত কৰি তুলিছে। ‘ডি’ ভোটাৰৰ সমস্যা জীয়াই ৰাখিবলৈ চৰকাৰে ডিটেনচন কেম্প খুলিছে। কোৱা বাহুল্য এই যে ডিটেনচন কেম্পত বহুতো ভাৰতীয় নাগৰিকে বছৰৰ পিছত বছৰ ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এনে ঘটনাৰাজি দেখি-শুনিও অসমৰ অনেক গণতান্ত্ৰিক দল-সংগঠন, বুদ্ধিজীৱী, সাংবাদিকে প্ৰতিবাদ নকৰি মৌন হৈ আছে। 

বিদেশী খেদা আন্দোলনৰ সপক্ষে অসমৰ সকলোবোৰ জনগোষ্ঠীয়েই একমত। অসম চুক্তিক মান্যতা প্ৰদান কৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশী বিতাড়নৰ বাবে মুছলমানসকলে সদায় সহযোগী মনোভাব পোষণ কৰি আহিছে। ইয়াৰ এটি স্থায়ী সমাধান বিচাৰি উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰিলে। চূড়ান্ত খচৰাও প্ৰকাশ পালে। কিন্তু ৰাজ্যত বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰে এই নাগৰিকপঞ্জীক ন্যায্যতা দিয়া দূৰৰ কথা ইয়াক পেলনীয়া সামগ্ৰী বুলি অভিহিত কৰিছে। অৱশ্যে এয়া কোনো আচৰিত কথা নহয়। কাৰণ সমস্যাৰ সমাধান হ’লেইতো সান্দহ খোৱা বালি তল যাব। 

বংগমূলীয়া মুছলমানসকলক প্ৰত্যেকটো ৰাজনৈতিক দলেই ইছ্যু কৰি ৰাখিব বিচাৰে। কেৱল ভোট বেংকৰ স্বাৰ্থত তেওঁলোক ব্যৱহৃত হৈ আহিছে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰেও মুছলমান জনতাৰ প্ৰতি উদাসীন আৰু নিৰুদ্বেগ। এই সমস্যাটো জীয়াই ৰাখি ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা সমাজত সাম্প্ৰদায়িক বিষবাষ্প ছটিয়াই ক্ষমতা দখলৰ স্বপ® দেখা ভণ্ড ৰাজনৈতিক নেতাবোৰৰ চক্ৰান্ত আৰু কিমান দিন চলিব· আনকি এই নিষ্পেষিত জাতিৰ স্ব-জাতীয় নেতাসকলেও কেৱল শোষণৰ ৰাজনীতি কৰি আহিছে। নিজৰ গাদী ৰক্ষাৰ বাবে তৈলমৰ্দনৰ ৰাজনীতি কৰাত অভ্যস্ত তেওঁলোক। 

গোলকীকৰণৰ যুগত মানৱ সভ্যতাই উন্নতিৰ চৰম শিখৰত আৰোহণ কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আকাশ চুই মংগল গ্ৰহত মানৱৰ বসতি স্থাপনৰ প্ৰয়াস কৰি থকা হৈছে। কিন্তু পূৰ্ববংগীয় মুছলমানসকলে এফালে নাগৰিকত্বৰ প্ৰমাণ দি দি হায়ৰাণ হ’ব লগা হৈছে, আনফালে নিজৰ জনগোষ্ঠীয় পৰিচয় সংকটত ভুগিছে। 

আমি সকলোৱে জ্ঞাত যে এই বৃহৎসংখ্যক মানুহখিনিয়ে সৰ্বস্ব উজাৰ কৰি দি জাতি হিচাপে অসমীয়া বুলি পৰিচয় দি আহিছে, কিন্তু তেওঁলোকৰ জনগোষ্ঠীয় পৰিচয় আজিলৈকে নিৰ্ধাৰণ নহ’ল। বড়ো, তিৱা, কাৰ্বি, গাৰো, মিচিং, দেউৰী, চুতীয়া, বৰ্মন, টাই, আহোম, কলিতা, ডিমাছা আদি বৃহত্তৰ অসমীয়া জাতিৰ অংগ হ’লেও সেয়া তেওঁলোকৰ নিজস্ব জনগোষ্ঠীয় পৰিচয়। অসমৰ ভাষিক অসমীয়া মুছলমানৰ মাজতো গৰিয়া-মৰিয়া আদি জনগোষ্ঠী হিচাপে চিহ্নিত হৈছে। একমাত্ৰ পৰিচয়বিহীন হৈ আছে পূৰ্ববংগীয় মুছলমানসকল। বিশেষকৈ অসম আন্দোলনৰ পিছৰে পৰাই আন্দোলনকাৰীসকলে চৰ-চাপৰিৰ পূৰ্ববংগীয় মুছলমানসকলক মিঞা বুলি তুচ্ছ-তাচ্ছিল্য কৰি আহিছে। যদিও মিঞা শব্দটোৰ অৰ্থ সন্মানীয়, মহাশয় বা ডাঙৰীয়া কিন্তু বৰ্তমানেও কিছু উগ্ৰ জাতীয়তাবাদী দল-সংগঠনে এইসকল লোকক বুজাবলৈ ইতিকিংসূচক শব্দ হিচাপে মিঞা ব্যৱহাৰ কৰে। কিন্তু জনগোষ্ঠীয় পৰিচয় মিঞা উল্লেখ কৰিলেও বিতৰ্কৰ সূত্ৰপাত হয়। তুচ্ছাৰ্থতেই হওক বা সন্মানাৰ্থেই  হওক সম্প্ৰতি পূৰ্ববংগীয় মুছলমানসকলৰ নতুন প্ৰজন্মৰ মাজত মিঞা পৰিচয়ৰ প্ৰতি ব্যাপক আগ্ৰহ পৰিলক্ষিত হৈছে। সেয়ে এই জনগোষ্ঠীটোৰ জাতীয় পৰিচয় অসমীয়া হোৱাৰ লগতে জনগোষ্ঠীয় পৰিচয় মিঞা হোৱাটো বৌদ্ধিক মহলে চিন্তা কৰি চাব পাৰে। অৱশ্যে ইয়াৰ বাবে কোনো দ্বন্দ্বৰ সূচনা হ’ব নালাগে। অসম সাহিত্য সভাই হওক বা অসম বিধানসভাই হওক আগভাগ লৈ এই অৱহেলিত, পৰিচয় বিহীন জনগোষ্ঠীটোৰ এটি সৰ্বজনগ্ৰাহ্য জনগোষ্ঠীয় পৰিচয় উদ্ভাৱন কৰিব লাগে।

 এয়া সময়ৰ আহবান। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিবলৈ হ’লে পূৰ্ববংগীয় মুছলমানক আন্তৰিকতাৰে আদৰি ল’বই লাগিব। এয়া সত্য যে যিকোনো সমাজত এচাম লোকক বাকীসকল লোকে হিচাপৰ বাহিৰত থৈ কাম কৰি গ’লে এদিন নহয় এদিন সমাজত বিপৰ্যয়ে দেখা দিব। জনজাতীয় সকলক উপেক্ষা কৰাৰ ফল যে শুভ নহ’ল কোনে অস্বীকাৰ কৰিব· সেয়েহে সংঘৰ্ষৰ দ্বাৰা নহয়, ভ্ৰাতৃত্ববোধৰ দ্বাৰা মানৱৰ হৃদয় জয় কৰি সকলো জনগোষ্ঠীক আস্থা আৰু বিশ্বাসত লৈ আগবাঢ়ি গ’লেহে অসমীয়া জাতি এক শক্তিশালী জাতিত পৰিণত হ’ব। স্বৰ্গদেউ চ্যুকাফা, শংকৰ-মাধৱ, লাচিত - বাঘ হাজৰিকা আজান ফকিৰৰ মিলনভূমিত পূৰ্ববংগীয় মুছলমানসকলেও যাতে সগৌৰৱে ক’ব পাৰে -

 ‘এই দেশ মোৰ দেশ’ দেশ যাদেৰ কৰিছে অপমান। অপমানে অপমানে হতে হবে সবাৰ সমান...

লেখক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, ফোন নং - ৯৮৬৪৩-৯৪৯৫৩

No comments