ৰমিছা বেগমৰ চাৰিখন গ্ৰন্থ উন্মোচন চুলতান মাহমুদ মিৰ্ধা, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ ‘আজিৰ প্ৰজন্মৰ কবিসকলে কবিতা পুথি ক্ৰয় নকৰে।’ —এই অভিযোগ ‘নি...
ৰমিছা বেগমৰ চাৰিখন গ্ৰন্থ উন্মোচন
চুলতান মাহমুদ মিৰ্ধা, গুৱাহাটী, ৭ ডিচেম্বৰ ঃ ‘আজিৰ প্ৰজন্মৰ কবিসকলে কবিতা পুথি ক্ৰয় নকৰে।’ —এই অভিযোগ ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাৰ। আজি বিশিষ্ট কবি, ঔপন্যাসিক, প্ৰবন্ধকাৰ ৰমিছা বেগমৰ কবিতা পুথি ‘আহিনৰ কাঁচিয়লি জোনাক’ উন্মোচন কৰি এই অভিযোগ উত্থাপন কৰে সম্পাদকগৰাকীয়ে। আজি ৰমিছা বেগমৰ বাসভৱনত আয়োজিত এক অনাড়ম্বৰপূৰ্ণ উন্মোচনী অনুষ্ঠানত লেখিকাগৰাকীৰ চাৰিখন গ্ৰন্থ ‘মৰীচিকা’ (উপন্যাস), ‘আহিনৰ কাঁচিয়লি জোনাক’ (কবিতা সংকলন) ‘সূৰ্যমুখী মুকুল’ (প্ৰবন্ধ সংকলন) আৰু ‘সমাজ দৰ্পণ’ (প্ৰবন্ধ সংকলন) উন্মোচন কৰে ক্ৰমে বিশিষ্ট সাংবাদিক তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, ‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতা আৰু আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।
সাংসদ ভূঞাই নিজৰ ভাষণত লেখিকাগৰাকীয়ে নিজৰ লেখাৰ দ্বাৰা সমাজৰ প্ৰতি থকা দায়বদ্ধতাক নিষ্ঠা সহকাৰে পালন কৰি আহিছে বুলি উল্লেখ কৰে। লেখিকাগৰাকীৰ এই দায়বদ্ধতা ভৱিষ্যতলৈও অক্ষুণ্ণ থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে। আলোচনাপন্থী আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই লেখিকাগৰাকীক ভৱিষ্যতে হজৰত মোহাম্মদ (ছাঃ)এ কি পৰিৱেশ আৰু পৰিস্থিতিত চাৰিবাৰকৈ বিবাহপাশত আবদ্ধ হ’বলগীয়া হৈছিল আৰু তাৰ ভুল ব্যাখ্যাৰে আজিও এচামে কেনেদৰে চাৰিটাকৈ বিবাহক ন্যায্যতা প্ৰদান কৰি আহিছে, সেই সন্দৰ্ভত লিখিবলৈ আহ্বান জনায়। প্ৰণিধানযোগ্য যে আন দুগৰাকী উন্মোচক ‘দৈনিক অসম’ৰ সম্পাদক ড০ অমৰজ্যোতি চৌধুৰী আৰু ‘প্ৰাগ নিউজ’ৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুৱে উপস্থিত থাকিব নোৱাৰিলেও তেওঁলোকে লেখিকাগৰাকীলৈ ভিডিঅ’যোগে নিজৰ শুভেচ্ছা-বাৰ্তা প্ৰেৰণ কৰে।
ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া আলাউদ্দিন আহমেদে সভাপতিত্ব কৰা উন্মোচনী অনুষ্ঠানটোৰ আঁত ধৰে বিশিষ্ট সাংবাদিক তথা ‘দৈনিক গণ অধিকাৰ’ৰ অন্যতম সঞ্চালক ছাহজাহান তালুকদাৰে। আনহাতে প্ৰাক্তন সাংবাদিক তথা বৰপেটাৰ সাংসদ আব্দুল খালেক, বিশিষ্ট লেখক তথা অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন পঞ্জীয়ক অধ্যাপক ড০ যোগেন্দ্ৰ নাথ আৰু বিশিষ্ট লেখক পইনুৰুদ্দিন আহমেদে অনুষ্ঠানটিত উপস্থিত থাকি লেখিকাগৰাকীক উৎসাহ প্ৰদান কৰে। উল্লেখ্য যে লেখিকাগৰাকীয়ে নিজ বাসভৱনৰ ছাদৰ ওপৰত স্থাপন কৰা বাৰীৰ মাজত অনুষ্ঠিত কৰা উন্মোচনী অনুষ্ঠানটি আছিল এক ব্যতিক্ৰমী অনুষ্ঠান। অনুষ্ঠানটিত উপস্থিত থকা সকলোৱে লেখিকাগৰাকীৰ এনে ব্যতিক্ৰমধৰ্মী চিন্তাক ভূয়সী প্ৰশংসা কৰে। অন্যহাতে অনুষ্ঠানটিত উপস্থিত থকা সকলোকে লেখিকাগৰাকীয়ে নিজহাতেৰে ৰন্ধা বিভিন্ন প্ৰকাৰৰ থলুৱা খাদ্যৰেও আপ্যায়ন কৰে।
No comments