Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাষ্ট্ৰীয় পৰ্যায় , ৰাজ্যিক পৰ্যায়ৰ পৰা তৃনমুল পৰ্যায়লৈ এতিয়া সৰ্বত্ৰে কংগ্ৰেছ ত্যাগৰ জোৱাৰ!

  গণবাৰ্তা , চামতা , ১৭ ডিচেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায় , ৰাজ্যিক পৰ্যায়ৰ পৰা তৃনমুল পৰ্যায়লৈ এতিয়া যেন সৰ্বত্ৰে কংগ্ৰেছ ত্যাগৰ জোৱাৰ ৷  নলবাৰী ...

 


গণবাৰ্তা , চামতা , ১৭ ডিচেম্বৰ : ৰাষ্ট্ৰীয় পৰ্যায় , ৰাজ্যিক পৰ্যায়ৰ পৰা তৃনমুল পৰ্যায়লৈ এতিয়া যেন সৰ্বত্ৰে কংগ্ৰেছ ত্যাগৰ জোৱাৰ ৷ নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ সংখ্যালঘূ অধ্যুষিত চৰাঞ্চলতো দেখা পোৱা গল বিজেপি গমনৰ একাধিক ছবি ৷ আজি ভাংনামাৰীৰ চৈয়দ আলী চৰত দুই শতাধিক বিভিন্ন দলৰ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷  যোগদান কৰা সকলৰ সৰহ সংখ্যকে কংগ্ৰেছ দলৰ পৰা অহা ৷ নলবাৰী জিলা বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতি ৰুবুল আলীৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাখনত উপস্থিত থাকি বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সাধাৰন সম্পাদক তথা চৰাঞ্চলৰ যুৱনেতা সোনাবৰ আলীয়ে প্ৰাক্তন মন্ত্ৰী ডা: ভুমিধৰ বৰ্মনক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মিচলীয়া বিধায়ক বুলি অভিহিত কৰে ৷ লগতে যুৱ নেতা গৰাকীয়ে ডি ভোটাৰৰ বাবেও জগৰীয়া কৰে ডা: বৰ্মনক ৷ নৱাগত সকলক বিজেপিৰ প্ৰতীক সম্বলিত মাফলাৰ আৰু টুপীৰে দললৈ আদৰণি জনাই বিধায়ক নাৰায়ণ ডেকাই ৷ বিধায়ক ডেকাই ভাষনত চৰাঞ্চলৰ বেছিভাগ বিদ্যালয় প্ৰাদাশীকৰণ কৰাৰ লগতে চৰাঞ্চলৰ তিনিখন পঞ্চায়তত ব্যয়বহুল ভাৱে বানপানীৰ সময়ত জিৰনি লব পৰাকৈ তিনিটা মডেল ৰেষ্ট হাউচ স্থাপন কৰাৰ কথা সদৰী কৰে ৷ সভাত দৌলাশাল জিলা পৰিষদৰ সদস্য বিৰাজ মেধিয়েও আক্ৰমনৰ লক্ষ্য কৰি লয় বৰ্ষীয়াণ কংগ্ৰেছ নেতা ডা: ভূমিধৰ বৰ্মনক ৷ কালাৰচৰ পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য হৰমুজ আলী , কুৰিহামাৰী পঞ্চায়তৰ সভাপতি হাফিজুৰ ৰহমান আদি উপস্থিত থাকে সভাত ৷ সদ্য পদত্যাগী কংগ্ৰেছ কৰ্মী সকলে সভাত যুৱ নেতা সোনাবৰ আলী আৰু বিধায়ক নাৰায়ণ ডেকাৰ উন্নয়ন মুলক কামৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰা বুলি উল্লেখ কৰে ৷ 

No comments