দিদাৰ হুছেইন,হাউলী,২৭ ডিচেম্বৰ: বৰপেটা জিলাৰ হাউলীৰ জয়েন বাজাৰ জেপিএলৰ উদ্যোগত অষ্টম বাৰ্ষিক ক্ৰিকেট খেল প্ৰতিযোগিতা ৰবিবাৰে দিনৰ ১২ বজাত...
দিদাৰ হুছেইন,হাউলী,২৭ ডিচেম্বৰ: বৰপেটা জিলাৰ হাউলীৰ জয়েন বাজাৰ জেপিএলৰ উদ্যোগত অষ্টম বাৰ্ষিক ক্ৰিকেট খেল প্ৰতিযোগিতা ৰবিবাৰে দিনৰ ১২ বজাত সমাজ কৰ্মী তথা যুৱ ব্যৱসায় ৰিংকু আহমেদে খেলপথাৰৰ দ্বাৰ উন্মোচন কৰে | ইয়াৰ পিছত খেলৰ শুভাৰম্ভ কৰে কুমুল্লীপাৰাৰ মা পৰাণ ফাউণ্ডেচনৰ অধ্যক্ষ ছেকান্দৰ আলী আহমেদ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘূ বিভাগৰ অধ্যক্ষ ছোলমান খানে | উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰপেটা সমষ্টিৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, হাউলীস্থ জিলা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰৱক্তা দেৱান ফজলুৰ ৰহমান, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হাবিব আহমেদ, হাউলীৰ যুৱ ব্যৱসায়ীদ্বয় জিয়াউৰ ৰহমান,মোতালেব আলী ,হাজীপাৰা জিলা পৰিষদৰ সদস্যা ৰৌশনাৰা আহমেদ,আমছুৰ প্ৰাক্তন সভাপতি ছবিবৰ ৰহমান সহ ভালে সংখ্যক বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধণা জনোৱা হয় | ইয়াৰ পিছত নয়ন আহমেদ আৰু স্বামেজ উদ্দিন আহমেদৰ পৰিচালনাত হাতেৰটাৰী ইয়ং ষ্টাৰ ক্লাব আৰু জামাদাৰবাৰী আজানপীৰ মাছুম মডেল একাডেমীৰ ক্ৰিকেট খেলুৱৈৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয় | আগন্তুক বৰ্ষৰ ২৬ জানুৱাৰী লৈকে এমাহৰ বাবে উক্ত ক্ৰিকেট প্ৰতিযোগিতাৰ কাৰ্যসূচীৰ প্ৰস্তুতি লোৱা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।
No comments