Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ তবলীগ জামাতৰ বিষয়ববীয়া জালালুদ্দিন আহমেদ চৌধুৰীৰ মৃত্যু

  ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৩১ ডিচেম্বৰ :  যোৰহাট ফাঁচি আলিৰ বাসিন্দা , গৰকাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা তবলীগ জামাতৰ অন্যতম বিষয়ববী...


 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৩১ ডিচেম্বৰ :  যোৰহাট ফাঁচি আলিৰ বাসিন্দা , গৰকাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা তবলীগ জামাতৰ অন্যতম বিষয়ববীয়া জালালুদ্দিন আহমেদ চৌধুৰীৰ বুধবাৰে বিয়লি প্ৰায় চাৰি মান বজাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্ৰায় ৬৬ বছৰ । মৃত্যুৰ সময়ত তেওঁ একমাত্ৰ পুত্ৰ ,বোৱাৰী ,নাতি আৰু ভাতৃসহ এক বৃহৎ পৰিয়াল ইহ:সংসাৰত এৰি থৈ গৈছে । উল্লেখ্য যে যোৱা আগষ্ট মাহত আহমেদ উচ্চ ৰক্তচাপত  আক্ৰান্ত হৈ অসুস্থ হৈ আছিল । কেইদিনমানৰ পূৰ্বে স্বাস্থ্য অধিক অৱনতি হোৱাত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । আৰু বুধবাৰে বিয়লি মৃত্যু হয় । আজি যোৰহাট কবৰস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয় । উল্লেখ্য যে জালালুদ্দিন আহমেদে বিগত বহু বছৰৰ পৰা যোৰহাটত তবলীগ জামাতত জড়িত হৈ ধৰ্মীয় কাম কৰি আছিল । বিপথে যোৱা বহু যুৱকক তেওঁ ধৰ্মীয় দীক্ষা দি সু -পথত আনিছিল । যোৰহাটৰ এজন সু -পৰিচিত লোক আছিল । তেওঁৰ মৃত্যুত ফাঁচি আলি অঞ্চলত শোকৰ ছাঁ পৰিছে । তেওঁৰ মৃত্যুত উজনি অসম মুছলিম কল্যান পৰিষদ আৰু আমছুৱে শোক প্ৰকাশ কৰিছে বুলি জানিবলৈ দিছে ।


No comments