Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ বাবে বিটিচিত বিজেপিৰ চৰকাৰ হোৱাটো একান্ত জৰুৰী ঃ বিটিচি নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী সোণোৱাল

সঞ্জয় সৰকাৰ, কাজলগাঁও, ৭ ডিচেম্বৰ ঃ ওদালগুৰি আৰু বাক্সা জিলাক সামৰি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলাৰ সময়তে আজি দ্বিতীয় পৰ্যায়ত অ...

সঞ্জয় সৰকাৰ, কাজলগাঁও, ৭ ডিচেম্বৰ ঃ ওদালগুৰি আৰু বাক্সা জিলাক সামৰি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলাৰ সময়তে আজি দ্বিতীয় পৰ্যায়ত অহা ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বাকী দুখন জিলা ক্ৰমে চিৰাং আৰু কোকৰাঝাৰত বিভিন্ন ৰাজনৈতিক দলে নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অভিযান চলায়। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কোকৰাঝাৰ জিলাৰ ছালাকাটিত আৰু চিৰাং জিলৰ উলুবাৰীত ব্যাপক জনসমাগমেৰে অনুষ্ঠিত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নিজৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ব্যাপক প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি চিৰাং জিলাৰ উলুবাৰীত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভা সম্বোধন কৰি ভাষণত কয় যে পূৰ্বৰ বিপিএফ চৰকাৰে বিটিএডিৰ শাসনভাৰ বিগত ১৫ বছৰতকৈও অধিক সময়ৰ বাবে লাভ কৰিছিল যদিও ৰাইজৰ আশা-আকাংক্ষা পূৰণৰ দিশত চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। 

আনকি জনকল্যাণমুখী আঁচনিসমূহৰ ধনো এই চৰকাৰখনে আত্মসাৎ কৰিছে বুলি ৰাইজে অভিযোগ তুলিছে। বিটিআৰৰ অধীনৰ চাৰিওখন জিলাৰ উন্নয়নৰ প্ৰক্ৰিয়া পূৰ্বৰ চৰকাৰে স্থবিৰ কৰি তুলিছিল। সেয়েহে বিটিআৰবাসী জনসাধাৰণে পূৰ্বৰ ভ্ৰষ্টাচাৰী চৰকাৰৰ পৰিৱৰ্তে এখন গতিশীল চৰকাৰ গঠনৰ বাবে ৰাইজে ভোটদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে জনসাধাৰণৰ সৰ্বাংগীণ কল্যাণৰ বাবে কাম কৰি আহিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিষ্ঠা সহকাৰে জনসাধাৰণলৈ সেৱা আগবঢ়াই আহিছে। সেয়েহে বিটিআৰৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত বিটিচিত বিজেপি চৰকাৰ গঠনৰ পোষকতা কৰে। তেওঁ লগতে কয় যে বিটিচিত বিজেপি চৰকাৰ হ’লে সকলো জাতি-জনগোষ্ঠীৰ অধিকাৰ আৰু মৰ্যাদা সুৰক্ষিত হ’ব। 

মাটিৰ অধিকাৰ বি টি আৰ বাসীয়ে লাভ কৰিব। বিটিআৰ বাসীৰ জীৱন আৰু সা-সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰা হ’ব আৰু সকলো জাতি-জনগোষ্ঠীৰ ভাষা-সাহিত্য, কৃষ্টি-সংস্কৃতি বিকাশৰ বাবে কাম কৰাৰ লগতে বিটিআৰত কোনো ধৰণৰ ভয়-ভীতি-শংকা আদিও নাথাকিব। বিগত ১৫ বছৰত বিটিচিৰ উন্নয়নৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বহু পৰিমাণৰ পুঁজি প্ৰদান কৰা হৈছে যদিও এই পুঁজিৰ সৰহসংখ্যকেই আত্মসাৎ কৰা হৈছে। ইয়াৰ ফলত সৰ্বসাধাৰণ ৰাইজ ক্ষতিগ্ৰস্ত হৈছে। কাৰণ চৰকাৰ যেতিয়া দুৰ্নীতিপৰায়ণ হয়, তেতিয়া জনসাধাৰণৰ স্বাৰ্থক আওকাণ কৰা হয়। বিজেপি চৰকাৰ থকা বাবে সমগ্ৰ ভাৰতবৰ্ষত দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে।

 অসম চৰকাৰেও দুৰ্নীতিমুক্ত অসম গঢ়াৰ দিশত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিজেপি চৰকাৰ হ’লে বিটিচিক সম্পূৰ্ণৰূপে দুৰ্নীতিমুক্ত কৰাৰ দিশত দায়বদ্ধ পদক্ষেপ লোৱা হ’ব। লগতে বিটিচিত বিজেপি চৰকাৰ হ’লে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰহণ কৰা  আঁচনিৰ সুফল লাভ কৰিবলৈ সক্ষম হ’ব। বিটিআৰৰ চাৰিওখন জিলাৰ যথেষ্ট সম্পদ আৰু সম্ভাৱনা আছে।পৰ্যটনৰ দিশতো অঞ্চলটোত প্ৰচুৰ সম্ভাৱনা আছে। বিজেপিৰ চৰকাৰ হ’লে এই সকলো দিশত গুৰুত্ব প্ৰদান কৰা হ’ব। আজিৰ এই নিৰ্বাচনী সভাখনত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ ৰাজ্যিক (স্বতন্ত্ৰ ) মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মুমিনুল আৱাল, বিজেপিৰ ৰাজ্যিক সমিতিৰ অন্যতম সদস্য সুকুমাৰ বিশ্বাসকে ধৰি যথেষ্টসংখ্যক দলীয় কৰ্মী আৰু দহ সহস্ৰাধিক সাধাৰণ লোক উপস্থিত থাকে। 

No comments