Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মাজুলীৰ পাহি-পৰী প্ৰকাশৰ সাঁতখন গ্ৰন্থ উন্মোচন

সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি,১৩ডিচেম্বৰ:  আজি  ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত জি...





সনজিৎ কুমাৰ অভয়পুৰীয়া, গণ বাৰ্তা, ফুলনি,১৩ডিচেম্বৰ: আজি  ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত জিলাখনৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠি পাহি- কুহি প্ৰকাশৰ সাতখন উল্লেখযোগ্য গ্ৰন্থ সাতগৰাকী বৰেন্য  ব্যক্তিয়ে উন্মোচন কৰে । পাহি-কুহি প্ৰকাশৰ উদ্যোগত অনুষ্ঠিত সভাখনি বন্তিপ্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ফুলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দ্বীজেন শইকীয়াই আৰু সঞ্চালনা কৰে মাজুলী আউনিআটী হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা বিশিষ্ট কবি ডিম্বেশ্বৰ ভূঞাই । শিল্পী পুবালী শইকীয়াৰ বড়গীতেৰে আৰম্ভ হোৱা সভাখনিৰ প্ৰথমখন গ্ৰন্থ জয়ন্ত হাজৰিকাৰ   "ত্ৰিভাষিক সংখ্যা পৰিচয়" উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা মাজুলী জিলা সাংবাদিক সন্থাৰ উপদেষ্টা বিপিন শইকীয়াই, দ্বিতীয়খন গ্ৰন্থ জয়ন্ত হাজৰিকাৰ "ওপঙা মাটি" উন্মোচন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ বিশিষ্ট কবি ড০দেৱজিৎ শইকীয়াই, তৃতীয়খন গ্ৰন্থ জয়ন্ত হাজৰিকাৰ "মহাৰথী সময়" উন্মোচন কৰে গড়মূৰ পীতাম্বৰ দেব কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুনমনি নাথে , চতুৰ্থখন গ্ৰন্থ জয়ন্ত হাজৰিকাৰ "ত্ৰিভাষিক বৰ্নমালা" উন্মোচন কৰে গড়মূৰ পীতাম্বৰ দেব উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যক্ষ, বিশিষ্ট সমাজকৰ্মী ৰেনুমালা দত্তই, পঞ্চমখন গ্ৰন্থ জুনু তামুলীৰ "আইৰ মূখৰ ৰসাল বানী" উন্মোচন কৰে শিক্ষয়িত্ৰী অনিমা শইকীয়াই, ষষ্ঠখনগ্ৰন্থ জুনু তামুলীৰ "জীৱন এষনা" উন্মোচন কৰে ঢকুৱাখানা নিবাসী বিশিষ্ট কবি ৰাজীব তামুলীয়ে আৰু সপ্তমখন গ্ৰন্থ লাহৰী মেধিৰ  "লাহৰী বিহুগীত" উন্মোচন কৰে মাজুলী জিলা সাহিত্য সভাৰ সভাপতি বিশিষ্ট সাংবাদিক ৰঞ্জিত কুমাৰ ভূঞাই । গ্ৰন্থকেইখন উন্মোচন কৰি উন্মোচকসকলে পাহি-পৰী প্ৰকাশৰ এই গ্ৰন্থকেইখনে অসমীয়া সাহিত্যৰ ভড়াললৈ অনবদ্য বৰঙনি আগবঢ়াব বুলি মন্তব্য কৰে । সভাত নিদিষ্ট বক্তা হিচাপে সৰ্বানন্দ নাথ আৰু বিশিষ্ট অতিথি হিচাপে ক্ৰমে ড০ অৰূপ বৰা, যুগল হাজৰিকা, পাৰুল বৰা মিলি,ভাস্কৰজ্যোতি বৰুৱা,ভৰত পেগুৱে ভাষন প্ৰদান কৰে । পাহি-পৰি প্ৰকাশৰ স্বত্বাধিকাৰ জয়ন্ত হাজৰিকাই আঁতধৰা সভাখনিত শিল্পী দিলীপ কুমাৰ বৰাৰ লোকগীতে সভাৰ সৌষ্ঠভ বৃদ্ধি কৰে আৰু কৃষ্ণা মেধিয়ে উপস্থিত সকলোকে শলাগৰ শৰাই আগবঢ়াই ।

No comments