গণবাৰ্তা, বেছামাৰি ২২ ডিচেম্বৰ: ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ ধিং সমষ্টিত এ আই ইউ ডিফৰ দূৰ্গত মোক্ষম আঘাত AJP ৰ । ৰাজ্যত ন...
গণবাৰ্তা, বেছামাৰি ২২ ডিচেম্বৰ: ৰাজ্যত বলিছে এতিয়া নিৰ্বাচনী গৰম বতাহ ধিং সমষ্টিত এ আই ইউ ডিফৰ দূৰ্গত মোক্ষম আঘাত AJP ৰ । ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন ধৰণৰ শক্তি প্ৰদৰ্শন তুংগত উঠিছে ৷ আজি ধিং সমষ্টিৰ AIUDF ৰ দূৰ্গত AJP ৰ নিৰ্বাচনী সভা এই সভাত AJP ৰ প্ৰতি আকৰ্ষিত হৈ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ পৰা বহুজন লোকে যোগদান কৰে AJP ত । সমষ্টিটোত AJP ৰ দখললৈ আনিবলৈ দিনে নিশা সভা সমিতি অনুষ্ঠিত হৈ আহিছে আজি ধিং সমষ্টিৰ লালি পথাৰত অসম জাতীয় পৰিষদৰ আঞ্চলিক সমিতি গঠন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত উপস্থিত থাকি ধিং সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী আনজাৰ হুছেইনে বিজেপি আৰু এ আই ইউ ডি এফক তীৰ্ব ভাষাৰে সমালোচনা কৰাৰ লগতে এইবাৰ অসমত অসম জাতীয় পৰিষদৰ চৰকাৰ হব বুলি কয় ৷
উল্লেখযোগ্য যে হুছেইনে ভাষণত লুৰিণ জ্যোতি গগৈয়ে মুছলমান মানুহৰ কাৰণে সদায় মাত মাতি আহিছে বুলিও মত প্ৰকাশ কৰে ৷
No comments