লণ্ডন, ৪ ডিচেম্বৰ ঃ গ্ল’বেল টীচাৰ এৱাৰ্ড-২০২০ৰ সন্মান লাভ কৰিছে ভাৰতৰ ৰঞ্জিতসিং ডিসলেই। আজি আনুষ্ঠানিকভাৱে ঘোষণা হয় এই সন্মান লাভ কৰা গৰাকীৰ...
লণ্ডন, ৪ ডিচেম্বৰ ঃ গ্ল’বেল টীচাৰ এৱাৰ্ড-২০২০ৰ সন্মান লাভ কৰিছে ভাৰতৰ ৰঞ্জিতসিং ডিসলেই। আজি আনুষ্ঠানিকভাৱে ঘোষণা হয় এই সন্মান লাভ কৰা গৰাকীৰ নাম। প্ৰতিবছৰে ইউনেস্ক’ৰ উদ্যোগত এই এৱাৰ্ড প্ৰদান কৰি অহা হৈছে। এইবাৰ অভিলেখ গঢ়ি এই এৱাৰ্ড ভাৰতৰ শিক্ষকগৰাকীয়ে লাভ কৰিছে। ৭ কোটি টকাৰ প্ৰাইজমানীৰ এই এৱাৰ্ড লাভ কৰি উৎফুল্ল হৈ পৰিছে শিক্ষকগৰাকী। মহাৰাষ্ট্ৰৰ শিক্ষকগৰাকীয়ে বিশ্বৰ প্ৰায় দুহেজাৰ শিক্ষকক অতিক্ৰম কৰি এই সন্মান বুটলিবলৈ সক্ষম হৈছে। এইবাৰ এই এৱাৰ্ডৰ ঘোষণা ক’ভিড-১৯ৰ বাবে ভাৰ্চুৱেল মাধ্যমেৰে কৰা হয়।
No comments