Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বকোৰ কিছমত গাঁও পঞ্চায়তত ৰাস্তা নিৰ্মাণৰ আধাৰশিলা স্হাপন

  গনবাৰ্তা বকো , ১৫ ডিচেম্বৰ : কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ ৫২ নং কিছমত কাঠমী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ উত্তৰ নতুন  কাঠমী গ...

 


গনবাৰ্তা বকো , ১৫ ডিচেম্বৰ : কামৰূপ জিলাৰ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ ৫২ নং কিছমত কাঠমী গাঁও পঞ্চায়তৰ ১০ নং ৱাৰ্ডৰ উত্তৰ নতুন  কাঠমী গাঁৱত যোৱা ১৪ ডিচেম্বৰৰ ৰাতিপুৱা ১০ বজাত MAHATMA GANDHI NATIONAL RURAL EMPLOYMENT GUARANTEE ACT - 2020-21 বৰ্ষৰ বাবে আৱন্টিত (AGRI BUNDH) নামৰ আঁচনিৰ ৰাস্তা নিৰ্মাণৰ কামৰ আনুষ্ঠানিক ভাৱে আধাৰশিলা স্হাপন কৰে পঞ্চায়ত খনৰে আঞ্চলিক সদস্যা জহুৰান বেগম তৰফদাৰে ৷ ছমৰীয়া উন্নয়ন খণ্ডৰ জৰিয়তে আৱন্টন পোৱা ৩ লাখ ৪৯ হাজাৰ ৩৬৮ টকাৰে নিৰ্মাণ কৰিবলগীয়া উত্তৰ নতুন কাঠমী গাৱঁৰ জালাল উদ্দিনৰ ঘৰৰ পৰা ছবুৰ উদ্দিনৰ ঘৰলৈ যোৱা (Agri Bundh ) ৰাস্তা নিৰ্মাণৰ কামত বিভাগীয় নীতি - নিয়ম অনুযায়ী সঠিক ৰূপত কাম কৰিবলৈ ৰাস্তাত নিয়োজিত শ্ৰমিক সকলক আহ্বান জনায় পঞ্চায়তৰ আঞ্চলিক সদস্যা জহুৰান বেগম তৰফদাৰ, গ্ৰামীণ ৰোজগাৰ সহায়ক নুৰু উদ্দিন আহমেদ আৰু ছমৰীয়া ব্লক কংগ্ৰেছৰ কোষাধ্যক্ষ আব্দুল ৰেজ্জাক তৰফদাৰে ৷ উক্ত উদ্বোধনী অনুষ্ঠানত কিছমত কাঠমী গাঁও পঞ্চায়তৰ মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক ৰবিউল হুছেইন , ছমৰীয়া ব্লক যুৱ কংগ্ৰেছৰ সম্পাদক জবেদ আলী , গাঁও সভাৰ সদস্য হবিবৰ ৰহমান , হামেদ আলী,  বিশিষ্ট সমাজকৰ্মী লাট গাঁওবুঢ়া আবু শমা, শিক্ষক জামাল উদ্দিন,  প্ৰাক্তন মণ্ডলৰ সভাপতি ফুলচান আলী, সমাজকৰ্মী সহৰ আলী প্ৰমুখ্যে কৰি কেবা গৰাকী ব্যক্তিয়ে অংশ গ্ৰহন কৰে ৷

No comments