ষ্টাফ ৰিপ'টাৰ, নলবাৰী, ২০ ডিচেম্বৰঃ আজি পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১ বজালৈ নলবাৰী চহৰৰ সমীপৱৰ্তী জানোপাৰ খেলপথাৰত কুংফু স্প'ৰ্টছ এছোচি...
ষ্টাফ ৰিপ'টাৰ,নলবাৰী, ২০ ডিচেম্বৰঃ আজি পুৱা ৯.৩০ বজাৰ পৰা দিনৰ ১ বজালৈ নলবাৰী চহৰৰ সমীপৱৰ্তী জানোপাৰ খেলপথাৰত কুংফু স্প'ৰ্টছ এছোচিয়েচন, নলবাৰীৰ অন্তৰ্ভুক্ত গোটেই কেইটা একাডেমীৰ ফালৰ পৰা জিলা ভিত্তিত এদিনীয়া কুংফু প্ৰশিক্ষণ শিবিৰত ১৫০ জনীয়া প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।প্ৰশিক্ষক সকলে আত্মৰক্ষাৰ কৌশলৰ লগত বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম শিকাই আৰু পঢ়া শুনাৰ লগতে সমৰ কলাৰ লগত জড়িত হ'বলৈ আহ্বান জনায়।এই সমৰ কলা শিৱিৰত মুখ্য প্ৰশিক্ষক ৰাজু তালুকদাৰ,প্ৰশিক্ষক পৰাগ কুমাৰ বৰ্মন,গোবিন্দ কলিতা,অমল শৰ্মা, চামচুল হক,কিশোৰ দাস,ৰূপম ঠাকুৰীয়াৰ লগতে কুংফু স্পোৰ্টচ এছোচিয়েচন অসমৰ সাধাৰণ সম্পাদক আৰু প্ৰশিক্ষক আজহাৰুল আমিন উপস্থিত থাকে।
No comments