Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত মূল্যবৃদ্ধিৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ

  গণবাৰ্তা বিশেষ, ধুবুৰী,২৯ ডিচেম্ববৰ:  আজি ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱন কাৰ্যলয়ৰ পৰা হাতে হাতে প্লেকাৰ্ড লৈ এখন চাইকেল ৰেলী উলিওৱ...


 গণবাৰ্তা বিশেষ,ধুবুৰী,২৯ ডিচেম্ববৰ: আজি ধুবুৰী জিলা কংগ্ৰেছৰ উদ্যোগত ৰাজীৱ ভৱন কাৰ্যলয়ৰ পৰা হাতে হাতে প্লেকাৰ্ড লৈ এখন চাইকেল ৰেলী উলিওৱা পৰিলক্ষিত হয় । ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সভাপতি উত্তম কুমাৰ সৰকাৰৰ নেতৃত্বত উলিওৱা চাইকেল ৰেলীত মূল্য বৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোদী গো-বেক ইত্যাদি শ্লোগানেৰে আকাশ বতাহ কপাই তোলে । চাইকেল ৰেলীখন ধুবুৰী ৰাজীৱ ভৱনৰ পৰা ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যলয়ৰ সন্মুখলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰে আৰু ধুবুৰী জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাল লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে । প্ৰতিবাদী কাৰ্যসুচীত এ,পি,চি,চি, ৰ সদস্য আবেদুৰ জামান জুৱেল, এন,এছ,ইউ,আই,  ৰ সভাপতি ৰফিকুল হক, সম্পাদক সোহান সেখ, মহিলা কংগ্ৰেছৰ কৰ্মকৰ্তা সকলৰ লগতে দলৰ বিভিন্ন কৰ্মীসকল উপস্থিত থাকে ।

No comments