গণ বাৰ্তা, কাকজান ৯ ডিচেম্বৰ=যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত বামকুকুৰাচোৱা গাঁৱৰ মুক্তিযোদ্ধা গুণাভিৰাম বৰা সমাধিক্ষেত্ৰ বেদখল কৰ...
গণ বাৰ্তা, কাকজান ৯ ডিচেম্বৰ=যোৰহাট জিলাৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত বামকুকুৰাচোৱা গাঁৱৰ মুক্তিযোদ্ধা গুণাভিৰাম বৰা সমাধিক্ষেত্ৰ বেদখল কৰি জে চি বি লগাই ভাঙি চুৰমাৰ কৰাত অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে চাওঁখাত মৌজাৰ অন্তৰ্গত বামকুকুৰাচোৱা গাঁওৰ পটা নং৪৬ দাগ নং ৭১৪ মুঠ ২ বিঘা ১ কঠা ৯ লোচা মাটি মধ্যে ১ বিঘা তিনি কথা মাটি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানত অধিগ্ৰহন কৰে। ইয়াৰ বাকী থকা ২ কঠা মাটি প্ৰয়াত মুক্তিযোদ্ধা গুনাভিৰাম বৰা পুত্ৰ কেশব বৰাই কাকজান কমাৰখাটোৱাল গাঁৱৰ নিৱাসী পৰমানন্দ বৰাক ২০১৩ চনতেই বিক্ৰী কৰে। চাৰিলেণ্ড যুক্ত ঘাইপথ নিৰ্মান কৰি থকাৰ বাবে মাটি চাৰিসীমা নিৰ্ধাৰণ কৰা নাছিল । পৰিতাপৰ বিষয় যে যোৱা ৫ ডিচেম্বৰ তাৰিখে স্থানীয় এজন লোকৰ সহযোগত জে চি বি লগাই বলপূৰ্বক ভাৱে কাষতে থকা ১ কঠা ৯ লোচা মাটি অকতৃত্বশীল ভাৱে দখল কৰে । উক্ত স্থানতে মুক্তিযোদ্ধা গুনাভিৰাম বৰাৰ সমাধিক্ষেত্ৰ আছিল যদিও সমাধিক্ষেত্ৰ খন সম্পূৰ্ণ ৰূপে খান্দি পেলাই । কেশৱ বৰাই পিতৃৰ সমাধিক্ষেত্ৰ খন ভাঙি নেপেলাবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল যদিও সেয়া বিফল হৈ উঠিল। ইয়াৰ পিছতেই শিক্ষক কেশৱ বৰাই ঘটনা সংক্ৰান্তত জিলা আৰক্ষী অধীক্ষকক এখন এজাহাৰ দাখিল কৰে। অধীক্ষক গৰাকীয়ে টীয়ক থানাৰ অধীনৰ লাহদৈগড় আৰক্ষীক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে। লগতে লাহদৈগড় আৰক্ষীয়ে কেচ নং টীয়ক ৪৩৪/২০২০ গোচৰ ৰুজু কৰি পৰমানন্দ বৰা আৰু সহযোগী সকলৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ লগতে মুক্তিযোদ্ধা সকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
No comments