গণবাৰ্তা, য'তিগাওঁ ১৯ ডিচেম্বৰঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ মৰা মানাহ নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কৰিবলৈ তদানীন্তন বৰপেটা...
গণবাৰ্তা, য'তিগাওঁ ১৯ ডিচেম্বৰঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ মৰা মানাহ নদীৰ ওপৰত কাঠৰ দলং নিৰ্মাণ কৰিবলৈ তদানীন্তন বৰপেটাৰ সাংসদ সিৰাজ উদ্দিন আজমলে ২০১৬-১৭ ইং বৰ্ষত ৫ লাখ টকা আবন্টন দিছিল যদিও নিৰ্মাণ কমিটিয়ে অধিকাংশ টকা আত্মসাত কৰি সামান্য কাম কৰাৰ লগতে ২০১৮-১৯ বৰ্ষত উক্ত দলংত ফুট ব্ৰিজ নিৰ্মানৰ বাবদ পুনৰ এম পি এল এ ডিৰ ফাণ্ডৰ পৰা ১৭ লাখ টকা আবন্টন দিয়ে। কিন্তু ১৭ লাখ টকাৰ ভিতৰত এটকাৰো কাম নকৰাকৈ দলং নিৰ্মাণ কমিটিয়ে সম্পূৰ্ণ টকা আত্মসাত কৰাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ বাবে শুকুৰবাৰে দাৱনদিয়াত উক্ত দলঙ নিৰ্মাণত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে দাৱনদিয়া আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু দুই শতাধিক ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দুৰ্নীতিগ্ৰস্তক গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায়। শীঘ্ৰে দলং নিৰ্মাণ কমিটিৰ লগতে দুৰ্নীতি গ্ৰস্তক শাস্তি প্ৰদান নকৰিলে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ প্ৰদান কৰিছে দাৱনদিয়া আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম আৰু প্ৰতিবাদকাৰী সকলে।
No comments