Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

তিনিচুকীয়াত তাই আহোম যুৱ পৰিষদৰ জিলা সমিতি গঠন

গণ বার্তা, লেখাপানী, ১৬ ডিচেম্বৰ- নিৰ্বাচনৰ পূৰ্বে ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে জাতীয় সংগঠন সমূহ । বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰাল কৈ জাতীয় সংগঠনৰ ...


গণ বার্তা, লেখাপানী, ১৬ ডিচেম্বৰ- নিৰ্বাচনৰ পূৰ্বে ক্ৰমাৎ সক্ৰিয় হৈ পৰিছে জাতীয় সংগঠন সমূহ । বিভিন্ন ৰাজনৈতিক দলৰ সমান্তৰাল কৈ জাতীয় সংগঠনৰ ভূমিকা আৰু সাংগঠনিক ভেটি অধিক দৃঢ় কৰাৰ বাবে সংগঠনৰ নেত্ৰী বৰ্গই নিজৰ পৰিস্থিতি সবল কৰিবলৈ ৰাজ্যত সক্ৰিয় হৈ উঠিছে । তেনেস্থলত তিনিচুকীয়াত তাই আহোম যুৱ পৰিষদৰ জিলা সমিতি গঠন হৈ যায় ।  টাইপা  উপদেষ্টা হৰেন ফুকনৰ সভাপতিত্বত  অনুষ্ঠিত সাধাৰণ  সভাখনত  উপস্থিত থাকে সংগঠনটোৰ  কেন্দ্ৰীয় সমিতিৰ সম্পাদক  চাও দিগন্ত তামুলী  ,কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক চাও নৱজ্যোতি বৰুৱা ,কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক চাও দিলীপ গগৈ ,কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক চাও কমল কোঁৱৰ আৰু শিৱসাগৰ জিলাৰ সভাপতি চাওঁ সুৰ জ গগৈ, সম্পাদক জয়ন্ত বৰগোঁহাই , মাৰ্ঘেৰিটা মহকুমা সভাপতি চাও জানা সন্দিকৈ, কাৰ্যকৰী সভাপতি প্ৰমোদ ফুকন আৰু সম্পাদক প্ৰাঞ্জল গগৈ ,লগতে তিনিচুকীয়া জিলাৰ মহিলা সকল । উক্ত সাধাৰণ সভাতেই টাইপা তিনিচুকীয়া জিলাৰ সমিতিৰ দায়িত্ব গ্ৰহণ কৰা বিষয়া সকল ক্ৰমে মুখ্য উপদেষ্টা নৱজিৎ কোঁৱৰ, সভাপতি প্ৰভাত চাংমাই, উপসভাপতি ক্ৰমে প্ৰশান্ত তিনিকুৰীয়া, সৰ্বেশ্বৰ গগৈ, উজ্জ্বল বৰুৱা, কাৰ্যকৰী সভাপতি সোমেশ্বৰ গগৈ, সাধাৰণ সম্পাদক ক্ৰমে শৈলেন গগৈ, চম্পক গগৈ, সহ সম্পাদক ক্ৰমে অপূৰ্ব গগৈ, কমল গগৈ, দিব্যজিত ফুকন, সাংগঠনিক সম্পাদক ক্ৰমে গৌতম , প্ৰভাত চাংমাই, বিশ্বজিত গগৈ, চন্দন বৰুৱা, প্ৰচাৰ সম্পাদক উজ্বল সন্দিকৈ সহ কেইবাজনো সক্ৰিয় সদস্যৰে এখনি টাইপা তিনিচুকীয়া জিলাৰ পূৰ্ণাংগ সমিতি গঠন কৰা হয় । সভাত নৱ নিৰ্বাচিত জিলা সমিতি খনৰ কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে  ।

No comments