ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১২ ডিচেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈত আজি নাগৰিকত্ব (সংশোধনী) আইন ২০১...
ষ্টাফ ৰিপৰ্টাৰ, মঙলদৈ, ১২ ডিচেম্বৰ: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙলদৈত আজি নাগৰিকত্ব (সংশোধনী) আইন ২০১৯ বাতিলৰ দাবীত আৰু 'কা' আন্দোলনৰ ৫ গৰাকী শ্বহীদ ৰ ন্যায়িক তদন্তৰ লগতে দোষীক দৃষ্টান্তমুলক শাস্তিৰ দাবীত 'গণ হুংকাৰ' কাৰ্যসূচী ৰূপায়ন কৰে। 'কা' বাতিলৰ দাৱীত শংখ, তাল ,নাম- প্ৰসংগৰে গণ হুংকাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰতিবাদকাৰী সকলে । সদৌ অসম ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক খনিন্দ্ৰ ৰাজবংশী, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাৰ নেতৃত্বত দৰং জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক ৰ লগতে ছাত্ৰ সন্থাৰ শতাধিক ছাত্ৰ সন্থাৰ কৰ্মী বৃন্দ, আয়তী সকলৰ লগতে ৰাইজৰ উপস্থিতিত গণহুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰা হয় । গণ হুংকাৰ কাৰ্যসূচীত 'কা' আন্দোলনৰ পাঁছ গৰাকী শ্বহীদৰ ফটোৰ সন্মুখত শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় । অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ বিত্তীয় সম্পাদক খনীন্দ্ৰ ৰাজবংশীয়ে সাংবাদিকৰ আগত কয় যে প্ৰথমে 'কা' বাতিল হবই লাগিব । 'কা' বাতিলৰ দাবীতেই সদৌ দৰং জিলা ছাত্র সন্হাৰ নেতৃত্বত মঙলদৈ নগৰৰ মাজমজিয়াত এই গণহুংকাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।জাতীয় জীৱনৰ স্বাৰ্থ ৰক্ষাৰ তথা আত্মনিয়ন্ত্ৰনৰ এই সংগ্ৰাম অসমৰ ৰাইজৰ সহযোগত গণতান্ত্ৰিক ভাৱে তীব্রৰ পৰা তীব্ৰতৰ ৰূপত আগুৱাই নিয়াৰ বাবে সংকল্প গ্ৰহণ কৰা হৈছে বুলি তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে ।
No comments