Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছাত্ৰ ছাত্ৰীৰ 'ৰণ হুংকাৰত' কপিল মৰাণৰ ৰাজপথ

গণ বাৰ্তা, মৰাণ, ২১ ডিচেম্বৰঃ  কৰনা আতংক হ্ৰাস পোৱা লগে লগে ৰাজ্যত পুনৰ আৰম্ভ হল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী প্ৰতিবাদ । আজি মৰাণত ছাত্ৰ ছা...


গণ বাৰ্তা, মৰাণ, ২১ ডিচেম্বৰঃ  কৰনা আতংক হ্ৰাস পোৱা লগে লগে ৰাজ্যত পুনৰ আৰম্ভ হল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধী প্ৰতিবাদ । আজি মৰাণত ছাত্ৰ ছাত্ৰীৰ 'ৰণহুংকাৰত'  কপিল মৰাণৰ ৰাজপথ ।মৰাণ মহাবিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত আৰু মৰাণৰ ছাত্ৰ সমাজৰ সহযোগত আৰম্ভ হোৱা এই প্ৰতিবাদী ৰণহুংকাৰ বহুৰ সময় ধৰি কপি উঠিল মৰাণ চহৰ । মৰাণ মহাবিদ্যালয় খেল পথাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্য্যসূচীত মৰাণ মহাবিদ্যালয়, মৰাণ মহিলা মহাবিদ্যালয়, মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰাণ কনিষ্ঠ মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে । বিজেপি গ' বেক, কা' আমি নামানো, RSS হুচিয়া, আদি শ্ল'গানে  ৰাজপথত বৰ তাল বজাই ছাত্ৰ ছাত্ৰী সকলে সমগ্ৰ মৰাণ চহৰ খনতে প্ৰতিবাদী সমদল কৰে । মুঠৰ ওপৰত মুখ্যমন্ত্ৰী গৃহৰ চহৰ পৰা ছাত্ৰ ছাত্ৰীৰ সকলে নাগৰিকত্ব সংশোধন আইনৰ বাতিলৰ দাবীত পুনৰ ৰণহুংকাৰ আৰম্ভ কৰে । জাতীয় ধ্বংসী আইন বাতিল নকৰিলে ছাত্ৰ ছাত্ৰী সকলে শ্ৰেণীকোঠা এৰি ৰাজপথত ধাৰাবাহিক আন্দোলন কৰাও হুংকাৰ দিয়ে । ( প্ৰণৱ ডেকাবৰুৱা, মৰাণ  )

No comments