Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

দিন-ডকাইতি কৰাৰ আধুনিক পদ্ধতিলৈ পৰ্যবসিত মদনপুৰৰ টোলগেট ; অৰাজক পৰিস্থিতিত ক্ষুদ্ধ কামৰূপ ছাত্ৰ সন্থা

  গণবাৰ্তা,বাইহাটা চাৰিআলি,১৩ডিচেম্বৰ  : কামৰূপ জিলাৰ  চাংসাৰি থানা এলেকাৰ মদনপুৰৰ মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখৰ  ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ...

 

গণবাৰ্তা,বাইহাটা চাৰিআলি,১৩ডিচেম্বৰ : কামৰূপ জিলাৰ চাংসাৰি থানা এলেকাৰ মদনপুৰৰ মদাৰতলা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ-ছাত্ৰী,প্ৰতিবেশীলোক সকল  আৰু সৰ্ব-সাধাৰণ জনতাক পণবন্দী কৰি নিৰ্মাণ ব্যয় সংকোচনৰ লিপ্সাত চৰম অন্যায়ৰে স্থাপন কৰা মদনপুৰ  টোলগেটটো সম্প্ৰতি জনতাক দিন-ডকাইতি কৰাৰ আধুনিক পদ্ধতিলৈ পৰ্যবসিত হোৱাৰ লগতে ইয়াত চৰম অৰাজকতা বিৰাজমান হৈ পৰাৰ এক বিস্ফোৰক অভিযোগ উত্থাপন হৈছে । কামৰূপ জিলাৰ পূব কামৰূপ ছাত্ৰ সন্থা অাৰু কেইবাজনো ভুক্তভোগীলোকে উত্থাপন কৰিছে এই অভিযোগ । অানকি এই দিন ডকাইতিৰ আধুনিক পদ্ধতিৰ প্ৰতিবাদ অথবা বিৰোধিতা কৰিলেই এচাম মধ্যভোগীৰ বলত বলিয়ান ইয়াৰ লেছী বাহিনীয়ে অবৈধ মাছুল আদায় কৰাৰ বাবে এনে প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰাৰ ঘটনাও বাৰম্বাৰ সংঘটিত কৰাৰ ধৃষ্টতাও দেখুৱাবলৈ কুণ্ঠাবোধ নকৰাৰো অভিযোগ উত্থাপন হৈ অাছে । এই ছাত্ৰ সংগঠনটোৰ লগতে ৰঙিয়া মহকুমা ছাতৰ সন্থাৰো উপদেষ্টা প্ৰদীপ কুমাৰ ডেকা সমন্বিতে নেতৃবৰ্গই এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয় যে বৰ্তমান যি স্থানত এই টোলগেটটো স্থাপন কৰা হৈছে,সেই স্থান টোলগেটটো স্থাপন কৰাৰ বাবে প্ৰশাসনিকভাৱে নিৰ্বাচন কৰা স্থান নহয় । বৰ্তমান অবৈধভাৱে স্থাপন কৰা  টোলগেটটোৰ পৰা প্ৰায় ৪০০ মিটাৰমান উত্তৰ দিশতহে প্ৰকৃততে  স্থান নিৰ্বাচন কৰা হৈছিল । কিন্তু ঠিকাদাৰ বাহিনীয়ে নিৰ্মান ব্যয় হ্ৰাস কৰি অধিক মুনাফাৰ বাবে তদানীন্তন জিলা উপায়ুক্ত গৰাকীক বিপথে পৰিচালিত কৰি এচাম মধ্যভোগীৰ সহযোগত ৰাইজলৈ বুঢ়া অাঙুলি দেখুৱাই ইয়াতে টোলগেটটো স্থাপন কৰে। ছাত্ৰ সংগঠনটোৱে অান এক উদ্বেগজনক অভিযোগ কৰি কয়যে ছাত্ৰ-ছাত্ৰী,প্ৰতিবেশীলোক অাৰু সৰ্ব-সাধাৰণ জনতাক পণবনদী কৰি নিৰ্মাণ কৰা এই টোলগেটটিৰ কৰ্ত্তৃপক্ষৰ ঔদ্ধাতালি দিনকদিনে বাঢ়িয়ে গৈ অাছে । নীতি বিৰুদ্ধ যিকোনো কাৰ্যটো চাংসাৰি থানাৰ অাৰক্ষীৰ সহযোগিতা লাভ কৰি বলিয়ান হৈ পৰা এই টোলগেটৰ লেছীৰ পৰিচালক বাহিনীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ নীতি-নিয়মো উলংঘন কৰি অন্যায় অাৰু বলপূৰ্বকভাৱেও বাহনৰ পৰা ধন সংগ্ৰহত নামি পৰিছে । অানকি,এই দুষ্কাৰ্যৰ প্ৰতিবাদ কৰিলেই লেছী বাহিনীয়ে প্ৰতিবাদকাৰীৰ ওপৰত জপিয়াই পৰাৰ লগতে ডিঙিৰ ছেইনতো হাত দিবলৈ লৈছে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰীৰ নীতি-নিয়মৰ উধৃতিৰে  ছাত্ৰ সংগঠনটোৱে এই সন্দৰ্ভত জনাই দেশৰ যিকোনো টোলগেটত টোলকৰ অাদায় কৰাৰ বাবে কোনো বাহনকে সৰ্বোচ্ছ ৩ মিনিটতকৈ অধিক সময় ৰখাই থব নোৱাৰে অাৰু ইয়াৰ পিছত বাহনৰ পৰা টোলকৰৰ নামত এপইচাও অাদায় লব নোৱাৰে । কিন্ত স্থানীয় অাৰক্ষীৰ অাশীষ ধন্য এই লেছী বাহিনীয়ে ইয়াত ৩ মিনিটতে নহয়,৩০ মিনিট অথবা ৩ ঘণ্টাও বাহন ৰখাই অন্যায় অাৰু বলপূৰ্বকভাৱে টোলকৰ অাদায় লৈ অাহিছে । নিদিলে চৌদিশৰ পৰা ঔকিল । অাৰু বলপূৰ্বকভাৱে টোলকৰ অাদায় লোৱা কাৰ্যত সহায় কৰিবলৈ অনবৰতে অাৰক্ষীও নিয়োজিত হৈ থাকে । এনে কেতবোৰ বাখ্যাৰে  ছাত্ৰ সংগঠনটোৱে ছাত্ৰ-ছাত্ৰী অাৰু জনতাক পণবন্দী কৰি নিৰ্মাণ কৰা মদনপুৰ  টোলগেটটোত সম্প্ৰতি জনতাক দিন-ডকাইতি কৰাৰ দৰে কাৰ্য প্ৰতিনিয়ত ঘটি থকাৰ পিছতো কোনো ব্যৱস্থা নোলোৱাত ক্ষোভ প্ৰকাশ কৰি অাইনৰ অাশ্ৰয় লোৱাৰো চিন্তা-চৰ্চা কৰা বুলিও জনাইছে ।

No comments