ডুমডুমাৰ পৰা মাইনু মৰাণ: ২১ ডিচেম্বৰ: " লাইকা দধীয়া বাসী জীৱ জন্তু নহয়। জীৱ জন্তুৰ দৰে আমাক আচৰণ নকৰিব। আমিও মানুহ। আমাক মানুহৰ দৰে গণ...
ডুমডুমাৰ পৰা মাইনু মৰাণ: ২১ ডিচেম্বৰ: " লাইকা দধীয়া বাসী জীৱ জন্তু নহয়। জীৱ জন্তুৰ দৰে আমাক আচৰণ নকৰিব। আমিও মানুহ। আমাক মানুহৰ দৰে গণ্য কৰি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। " এই হুংকাৰ লাইকা দধীয়া বাসীৰ। পুনৰ সংস্থাপনৰ দাবীত পুনৰ ক্ষোভিত হৈ পৰিছে তিনিচুকীয়া জিলাৰ লাইকা দধীয়া বাসী । আজি তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গুঁইজান ঘাটৰ পৰা লাইকা দধীয়াবাসীয়ে সমদল কৰি আহি তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত প্ৰতিবাদ কৰে। বিজেপি চৰকাৰ সূচীয়াৰ, মুখ্যমন্ত্ৰী কাম নাই, মুখ্যমন্ত্ৰী মিছলিয়া , বন বিভাগৰ মিথ্যাচাৰ সহ্য কৰা নহব, বিনোদ হাজৰিকা মূর্দাবাদ আদি বিভিন্ন শ্লোগাণ দি পৰিবেশ উত্তপ্ত কৰি তোলে। আজি দিনৰ ভাগৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখ ভাগ যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হয়। পিছত তাতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।আজিৰ প্ৰতিবাদী কাৰ্যসূচীত মিছিং জনগোষ্ঠীয় সংগঠন টি এম পি কে, এম এম কে, টি এম এম কে ৰ তিনিচুকীয়া জিলা সমিতি, লাইকা দধীয়া পুনৰ সংস্থাপন দাবী সমিতিয়ে জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিলে লাইকা দধীয়াবাসীয়ে চূড়ান্ত সীমা অতিক্ৰম কৰিবলৈকো কুন্ঠাবোধ নকৰিব বুলি উল্লেখ কৰে। আজি প্ৰতিবাদী কাৰ্যসূচীত টি এম পি কে ৰ ভাৰপ্ৰাপ্ত সভাপতি চুছেন দলে, সম্পাদক গৌৰৱ পাদুন, এম এম কে ৰ সভাপতি অনথ পায়েং, ভাৰপ্ৰাপ্ত সম্পাদক অৰুণ পাঙ্গে, টি এম এম কে ৰ সভানেত্ৰী সুৰভি কুটুম, সম্পাদিকা জোনমনি মহদি, লাইকা বন গাঁও গাওঁবুঢ়া জগত লাগাচো, দধীয়া বন গাঁও গাওঁ বুঢ়া বিৰাট নৰহ, লাইকা দধীয়া পুনৰ সংস্থাপন দাবী সমিতিৰ আহ্বায়ক হৰেন পেগু, টি এম পি কে ৰ উপ সভাপতি মিণ্টুৰাজ মৰাং, সদস্য প্ৰসন্ন নৰহ, টি এম পি কে ৰ তিনিচুকীয়া জিলাৰ সহকাৰী সাধাৰণ সম্পাদক অজয় দলে, কুশ শুংক্ৰঙ আদি কৰি মিছিং জনজাতিৰ সংগঠনৰ বিভিন্ন আঞ্চলিক, জিলা, কেন্দ্ৰীয় পৰ্যায়ৰ নেতাই অংশ গ্ৰহণ কৰে।লাইকা দধীয়া বাসীক উপযুক্ত স্থানত পুনৰ সংস্থাপন নকৰা পর্যন্ত অস্থায়ী নিৰাপদ স্থলীৰ ব্যৱস্থা কৰাৰ দাবী জনোৱাৰ লগতে সকলো সুবিধা প্রদান কৰিবলৈ দাবী জনাইছে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে।
No comments