Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰক্ষেত্ৰীত নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ প্ৰতিকৃতি দাহ

গণবাৰ্তা বিশেষ,মুকালমুৱা,৮ ডিচেম্বৰ:-- অভুতপূৰ্ব কৃষক আন্দোলনৰ সমৰ্থনত  দিয়া ভাৰত বন্ধৰ  পূৰ্ণ সমৰ্থনত বৰক্ষেত্ৰীৰ ভিন্ন প্ৰান্তত আজি দেশৰ ...

গণবাৰ্তা বিশেষ,মুকালমুৱা,৮ ডিচেম্বৰ:-- অভুতপূৰ্ব কৃষক আন্দোলনৰ সমৰ্থনত  দিয়া ভাৰত বন্ধৰ  পূৰ্ণ সমৰ্থনত বৰক্ষেত্ৰীৰ ভিন্ন প্ৰান্তত আজি দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে কংগ্ৰেছে।বৰক্ষেত্ৰীৰ বৰ্ণবাৰী-নপ্তিপাৰা মণ্ডল কংগ্ৰেছৰ উদ্যোগত নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মনৰ উপস্থিতিত কৃষক আইন বাতিলৰ দাবীৰে প্ৰতিবাদকাৰী সকলে হাতে হাতে কৃষি সামগ্ৰী -বেনাৰ লৈ খেতিপথাৰত মোদী আৰু অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰে।তদ্ৰূপ উদ্দেশ্যৰে কেকান-কাপলাবড়ী মণ্ডল কংগ্ৰেছ সমিতি সহ এন এছ ৱাই কৰ্মীসকলে কৃষক বিৰোধী  আইন বাতিল তথা  কৃষক সকলক সুৰক্ষা প্ৰদানৰ দাবীত  মুকালমুৱাৰ নিকটৱৰ্টী কাপলাবড়ীত বিজেপি চৰকাৰ‌ মুৰ্দাবাদ,নৰেন্দ্ৰ মোডী হায় হায় আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰাৰ লগতে খেতিপথাৰত মোডী-শ্বাহৰ প্ৰতিকৃতি দাহ কৰে।সমান্তৰালকৈ বৰক্ষেত্ৰীৰ‌ মুখ্যকেন্দ্ৰ মুকালমুৱাত বন্ধৰ সমৰ্থন জনাই কৃষি আইনৰ বিৰোধীতাৰে কাৰ্যসূচী হাতত লয় একাংশ প্ৰতিবাদকাৰীয়ে।উল্লেখ্য যে-আজিৰ এই বন্ধত  বৰক্ষেত্ৰীৰ ভিন্ন প্ৰান্তত  কম-বেছি পৰিমাণে প্ৰভাৱ পৰা দেখা যায়।

No comments