Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

লাহদৈগড়ৰ ভেষজ চিকিৎসক অজিত বৰবৰুৱাৰ চৰকাৰৰ স্বীকৃতি লাভ

  বিৰাজ কুমাৰ বৰা, কাকজান ২ ডিচেম্বৰ:অসমৰ প্ৰাকৃতিক সম্পদৰ ভিতৰত এখন চহকী এখন ৰাজ্য । বিশ্বৰ দৰবাৰত জিলিকি উঠিছে  প্ৰাকৃতিক সম্পদৰ বাবেই আমা...

 


বিৰাজ কুমাৰ বৰা, কাকজান ২ ডিচেম্বৰ:অসমৰ প্ৰাকৃতিক সম্পদৰ ভিতৰত এখন চহকী এখন ৰাজ্যবিশ্বৰ দৰবাৰত জিলিকি উঠিছে  প্ৰাকৃতিক সম্পদৰ বাবেই আমাৰ ৰাজ্য৷ অসমৰ প্ৰাকৃতিক সম্পদক মানৱ কল্যাণৰ বাবে ব্যৱহাৰৰ উপযোগী কৰি বিশ্বত এই সম্পদৰ মুল্যাংকন  কৰিবলৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন শাসনাধিস্ত চৰকাৰে সুপৰিকল্পতি ভাৱে আঁচনি গ্ৰহন কৰিছেভাৰত চৰকাৰে ভেষজ চিকিৎসাক বিশ্বৰ দৰৱাৰত প্ৰতিস্থা কৰিবলৈ উত্তৰ পুৰ্বাঞ্চলৰ আঠ গৰাকী ভেষজবিদক ভাৰত চৰকাৰৰ অন্তৰ্গত নেচনেল ফাৰ্মাচিটিকেল এডুকেছন এণ্ড ৰিচাৰ্জ চেন্টাৰে ভেষজ চিকিৎসক ৰূপে স্বীকৃতি দি ভেষজ চিকিৎসাৰ বাবে অনুমতি প্ৰদান কৰিছে৷ 

উল্লেখ যে এই আঠ গৰাকী ভেষজ চিকিৎসকৰ ভিতৰত যোৰহাট জিলা এগৰাকী চিকিৎসকেও স্থান লাভ কৰিছে৷ যোৰহাট জিলাৰ লাহদৈগড় মেলেং মেটেলিৰ অজিত বৰবৰুৱাই এনেদৰে স্বীকৃতি লাভ কৰি সমগ্ৰ যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে।  যোৱা ২০ বছৰ ধৰি অজিত বৰবৰুৱাই  বনৌষধী চিকিৎসাৰ লগত জড়িত হৈ মানৱ সেৱা কৰি আহিছেডায়েবেটিছৰ ৰোগৰ  ভেষজ ঔষধ দি ৰোগ নিৰাময় কৰাৰ পৰীক্ষাত সফলতা অৰ্জন কৰে৷  উল্লেখ যে নাইপাৰ সঞ্চালক ড° সোণালী ৰয়ৰ নেতৃত্বত অহা এদল গৱেষকে অজিত বৰবৰুৱাৰ গৃহত ভেষজ চিকিৎসাৰ অনুমতি প্ৰদান কৰে তেওঁ এই সফলতাত অঞ্চলবাসীয়ে গৌৰৱ অনুভৱ কৰিছে

No comments