গণবাৰ্তা, য'তিগাওঁ ৯ ডিচেম্বৰঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়াৰ পৰা গুনিয়ালগুৰিলৈ যোৱা গড়কাপ্তানি পথৰ ওপৰত পকী দলঙ নিৰ্মাণত আপত্...
গণবাৰ্তা, য'তিগাওঁ ৯ ডিচেম্বৰঃ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়াৰ পৰা গুনিয়ালগুৰিলৈ যোৱা গড়কাপ্তানি পথৰ ওপৰত পকী দলঙ নিৰ্মাণত আপত্তি কৰা দেখা গৈছে। ২.৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া দলঙ খন নিৰ্মাণ কৰিলে দলঙৰ দুয়োপাৰে থকা ম্যাদীপাট্ৰাৰ মাটিৰ গৰাকীৰ ভীষণ অসুবিধা হ'ব বুলি আপত্তি জনাইছে। তাৰে এগৰাকী মাটিৰ গৰাকীয়ে ইতিমধ্যে মাটি পেলাই ঘৰ বান্ধিবলৈ আৰম্ভ কৰিছে। তেনেক্ষেত্ৰত দলঙ নিৰ্মাণ কৰিলে পৰিয়ালটো ঘৰৰ পৰা ওলাব নোৱাৰিব বুলি আপত্তি জনাইছে। ইপিনে দুয়োফালে যদি ঘৰ বান্ধি মাটি ওখ কৰে তেন্তে মাজত এখন পকী দলং নিৰ্মাণৰ যুক্তি ক'ত বুলি প্ৰশ্ন উত্থাপিত হৈছে। আনহাতে ২.৫ কোটি টকা ব্যয় সাপেক্ষে ৩৭ মিটাৰ দৈৰ্ঘ্যৰ দলঙ নিৰ্মাণৰ পৰিবৰ্তে খুব বেছি ৫ লাখ টকা ব্যয় কৰি মাটি ভৰাই ৰাস্তা নিৰ্মাণ কৰিলে চৰকাৰৰ ৰাজহ ৰেহাই হোৱাৰ ওপৰিও ৰাইজৰ সমস্যা সমাধান হোৱাৰ লগতে কোনো পক্ষৰেই একো ক্ষতি নহয় বুলি যুক্তি দৰ্শাইছে। তাৰ বিপৰীতে একাংশ ৰাইজে উক্ত স্থানত দলঙ নিৰ্মাণৰ দাবী জনাইছে। এইক্ষেত্ৰত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াই বিষয়টো পৰ্য্যবেক্ষণ কৰি ৰাস্তাৰ দুয়োকাষে থকা ম্যাদীপাট্ৰাৰ মাটিৰ গৰাকীৰ কোনো ক্ষতি নোহোৱাকৈ সমস্যাৰ সমাধান সুত্ৰ উলিওৱাৰ মতপোষন কৰিছে। পৰবৰ্তী সময়ত বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব।
No comments