Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ঢাৰিনগৰী কয়াকুছিত ৰাইজৰ দলৰ ৰাজহুৱা সভা; সৰুক্ষেত্ৰী বিধানসভা সমষ্টি আহ্বায়ক সমিতি গঠন

  নজৰুল ইছলাম, সৰুক্ষেত্ৰী, ২৬ ডিচেম্বৰঃ 'বিজেপি-আৰ এছ এছ আৰু কংগ্ৰেছ-এআইএউডিএফক কেৱল গালি পাৰিবলৈ ৰাইজৰ দল গঠন কৰা হোৱা নাই। আগন্তুক নি...


 নজৰুল ইছলাম, সৰুক্ষেত্ৰী, ২৬ ডিচেম্বৰঃ 'বিজেপি-আৰ এছ এছ আৰু কংগ্ৰেছ-এআইএউডিএফক কেৱল গালি পাৰিবলৈ ৰাইজৰ দল গঠন কৰা হোৱা নাই। আগন্তুক নিৰ্বাচনত ৰাইজৰ দ্বাৰা ৰাইজৰ দলে দিছপুৰ মছনদ দখল কৰি অসমৰ প্ৰত্যেকটো পৰিয়ালৰ অৰ্থনৈতিক বিকাশ ঘটাবলৈ এক ৰাজনৈতিক সপোন ৰচনা কৰা হৈছে।' এই মন্তব্য ৰাইজৰ দলৰ মুখ্য আহ্বায়ক হুছেইন মহম্মদ ছাহজাহানৰ। ৰাইজৰ দলৰ বৰপেটা জিলাৰ অন্তৰ্গত ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰাৰ উদ্দেশ্যে আজি আবেলি ২ বজাৰ পৰা কয়াকুছি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত এক ৰাজহুৱা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰসংগত নেতা গৰাকীয়ে ৰাইজৰ দল হৈছে ফেচিষ্ট, ভ্ৰষ্টাচাৰী, সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে প্ৰয়োগ কৰিব পৰা ৰাইজৰ এক পাশুপাত অস্ত্ৰ বুলি ব্যক্ত কৰে। বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দণ্ডিনাথ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত ভাষণ প্ৰসংগত দলটোৰ অন্যতম নেতা কমল কুমাৰ মেধিয়ে কয় যে কৃষক নেতা অখিল গগৈৰ ওপৰত চৰকাৰে যিমান অত্যাচাৰ চলাব, সিমানেই অসমৰ ৰাইজ জাগ্ৰত হ'ব। ৰাইজৰ দলৰ বৰপেটা জিলাৰ আহ্বায়ক আব্দুল জলিলে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত বিশিষ্টা অভিনেত্ৰী জেৰিফা ৱাহিদে অংশগ্ৰহণ কৰি অসমৰ পূৰ্বৰ ধৰ্মনিৰপেক্ষতাৰ ৰাজনৈতিক পৰিৱেশ ৰাইজেই ঘুৰাই আনিব লাগিব বুলি উল্লেখ কৰে। তদুপৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় সমন্বয়ক সম্ভিদ শৰ্মা, আহ্বায়কদ্বয় ক্ৰমে মনিৰুজ জামান আৰু প্ৰভাত বৈষ্ণৱ, কয়াকুছি মহাবিদ্যালয়ৰ প্ৰবক্তা ছাদেক আলী আহমেদ প্ৰভৃতি ব্যক্তি সকলে বক্তৃতা প্ৰদান কৰা সভাখনত ১০১ জনীয়া ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰে।

বৰপেটা জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক মনিৰ আলীয়ে সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰাৰ লগতে ৰাইজৰ দলৰ বৰপেটা জিলাৰ আহ্বায়িকা নিলোফাৰ ইয়াছমিনে ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। 
উল্লেখ্য যে, সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিত্বমূলক ভাবে ৰাইজে অংশগ্ৰহণ কৰা সভাখনত ৰাইজৰ দলৰ বজালী জিলাৰ আহ্বায়কদ্বয় ক্ৰমে ৰফিকুল আলম খান আৰু আবুবাক্কাৰ ছিদ্দিক, সৰ্থেবাৰীৰ বিশিষ্ট সমাজ কৰ্মী বিনয় ডেকা, হৰেন্দ্ৰ-চিত্ৰা মহাবিদ্যালয়ৰ প্ৰবক্তা কেৰামত আলী,  জীৱন বীমা নিগমৰ এজেণ্ট আব্দুল মোতলেব প্ৰভৃতি ব্যক্তি সকল উপস্থিত থাকে। প্ৰণিধানযোগ্য যে, সৰুক্ষেত্ৰী বিধানসভা সমষ্টিত ৰাইজৰ দলৰ ক্ৰমাগত উত্থানে ৰাজনৈতিক সমীকৰণ সলনি কৰিব বুলি ৰাজনৈতিক পৰ্যবেক্ষক মহলে মত পোষণ কৰিছে। 

No comments