নতুন দিল্লী, ১৯ ডিচেম্বৰ: ভাৰতীয় মহিলা ফুটবল দলে বিশ্ব ফুটবলৰ নিয়ামক সংস্থা ফিফাৰ দ্বাৰা শেহতীয়াভাৱে জাৰি কৰা বিশ্ব ৰেংকিঙত দুটা স্থান উন্...
নতুন দিল্লী, ১৯ ডিচেম্বৰ: ভাৰতীয় মহিলা ফুটবল দলে বিশ্ব ফুটবলৰ নিয়ামক সংস্থা ফিফাৰ দ্বাৰা শেহতীয়াভাৱে জাৰি কৰা বিশ্ব ৰেংকিঙত দুটা স্থান উন্নতি হৈ ৫৩ স্থান দখল কৰিছে। ইয়াৰ পূৰ্বে, যেতিয়া ১৪ আগষ্টত নতুন ৰেংকিং জাৰি কৰা হৈছিল, ভাৰতীয় মহিলা ফুটবল দলটো ১৪৩২ পইণ্টৰ সৈতে ৫৫তম আছিল। দলটো এতিয়াও সম পইণ্টতে আছে আৰু দুটা স্থান আগুৱাই ৫৩ নম্বৰ স্থান দখল কৰিছে । দলটো এতিয়া শীৰ্ষ-৫০ স্থান লাভৰ পৰা তিনিটা স্থান দূৰত আছে। আমেৰিকা শীৰ্ষত থকাৰ বিপৰীতে জাৰ্মানী দ্বিতীয়, ফ্ৰান্স তৃতীয় আৰু নেডাৰলেণ্ড চতুৰ্থ স্থানত আছে। শীৰ্ষ আঠটা দলত স্থানৰ কোনো পৰিৱৰ্তন হোৱা নাই।
No comments