Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰাজ্যত ক্ৰীড়া বিপ্লৱৰ সূচনাকৰা যুৱকজনঃ মাকুমকিল্লা গাৱৰ পৰা দিছপুৰলৈ লক্ষ্য কোঁৱৰৰ বৰ্ণিল যাত্ৰা

  সীমান্ত চেতিয়া, মাৰ্ঘেৰিটাঃ  “এই পৃথিৱী এক ক্ৰীড়াংগণ, ক্ৰীড়াই হ’ল শান্তিৰ প্ৰাংগণ "— মাৰ্ঘেৰিটাৰ মাকুমকিল্লাৰ দৰে এখন অখ্যাত গাৱৰ ...


 সীমান্ত চেতিয়া, মাৰ্ঘেৰিটাঃ “এই পৃথিৱী এক ক্ৰীড়াংগণ, ক্ৰীড়াই হ’ল শান্তিৰ প্ৰাংগণ "— মাৰ্ঘেৰিটাৰ মাকুমকিল্লাৰ দৰে এখন অখ্যাত গাৱৰ যুৱকজনে হয়তু ভবা নাছিল এদিন ক্ৰীড়া সংগঠক হিচাবে তেও ৰাজ্যৰ নেতৃত্ব দিব৷ তেও হয়তু ভবা নাছিল ক্ৰীড়াৰ জৰিয়তে এদিন সফলতাৰ শীৰ্ষলৈ লৈ যাব অসমৰ মান৷ একান্ত আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ৰাজ্যৰ ক্ৰীড়াৰ ইতিহাসত নতুন জাগৰন সৃষ্টি কৰা যুৱকজনেই হল- লক্ষ্য কোঁৱৰ৷ বহুতেই ভাবে মন্ত্ৰী- বিধায়ক হলেহে ৰাইজৰ, সমাজৰ কাম কৰিব পাৰি৷ মন্ত্ৰী বিধায়ক নোহোৱাকৈয়ো যে, কেনেকৈ কাম কৰি দেখোৱাব পাৰি সেয়া শেষতীয়াকৈ দেখোৱাই গৈছে লক্ষ্য কোঁৱৰে৷ কাম কৰাৰ আগ্ৰহ থাকিলে মন্ত্ৰী বিধায়ক হোৱাৰ কোনো দৰকাৰ নাই, কেৱল সততা আৰু দক্ষতাহে মূল ধন৷ সেই কথাকেই প্ৰতিয়মান কৰি অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ উপদেষ্ঠা সমিতিৰ সম্পাদক লক্ষ্য কোঁৱৰে এটাৰ পিছত আন এটা গৌৰৱৰে ভাৰতৰ বুকুত অসমৰ মান উজ্বলাবলৈ সক্ষ্যম হৈছে৷ কলেজত পঢ়ি থকা দিনতে তাই আহোম ছাত্ৰ সন্থাত যোগদান কৰি পৰবৰ্তী সময়ত কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ পদ দখল কৰিবলৈ সক্ষম হোৱা লক্ষ্য কোঁৱৰে শৈশৱৰে পৰা সপোন দেখিছিল সমাজ আৰু ৰাজ্যখনৰ বাবে কিবা এটা কৰাৰ৷ সেই উদ্দেশ্যৰে তাই আহোম ছাত্ৰ সন্থাৰ মঞ্চখনৰ জৰিয়তে নিজৰ কৰ্মদক্ষতা আৰু কাম কৰাৰ হাবিসায় প্ৰতিপন্ন কৰিছিল লক্ষ্য কোঁৱৰে৷ ইয়াৰ পিছতে ২০১৫ চনত বিজেপিত যোগদান কৰি নিজৰ কৰ্মদক্ষতাৰ পৰিচয় দি কম দিনৰ ভিতৰতে লাভ কৰিছিল অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যান উপদেষ্ঠা সমিতিৰ সম্পাদকৰ গুৰু দায়িত্ব৷ ইয়াৰ পিছতে কোনোদিনেই পিছলৈ উভতি চাবলগীয়া হোৱা নাই লক্ষ্য কোঁৱৰে৷ হিমা দাসৰ নাম সংবাদ মাধ্যমত চৰ্চালৈ অহাৰ দিন ধৰি লক্ষ্য কোঁৱৰে দিন ৰাতি একাকাৰ কৰি ৰাজ্যৰ ক্ৰীড়া সংগঠন সমূহক নেতৃত্ব দি ৰাজ্যজুৰি ক্ৰীড়াৰ এক জাগৰন আনিবলৈ সক্ষম হৈছে৷ অসম অলিম্পিক সন্থাৰ সাধাৰন সম্পাদকৰ পদতো দায়িত্বত থকা লক্ষ্য কোঁৱৰৰ প্ৰচেষ্ঠাত ৰাজ্যৰ গাৱে থকা প্ৰতিভাসমূহ উলিয়াই অনাৰ অৰ্থে তৃণমূল পৰ্যায়ত ৫০০ খন খেলপথাৰ মেৰামতিৰ কাম আৰম্ভ হৈছে৷ সেইদৰে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মাৰ্ঘেৰিটাতো যুৱক যুৱতীসকলৰ মাজত বিতৰন কৰা হৈছে খেলৰ বিভিন্ন সা সামগ্ৰী৷ ক্ৰীড়াৰ আন্তগাঠনিৰ সমান্তৰালকৈ ক্ৰীড়া চৰ্চাৰো বাতাবৰন গঢ়ি উঠা দেখিবলৈ পোৱা গৈছে৷ ইতিমধ্যে গুৱাহাটীৰ জৰ্জ খেলপথাৰত অনুষ্ঠিত আমন্ত্ৰিত প্ৰাইজমানি এথেলেটিকচ প্ৰতিযোগিতা, ফিফা ১৭ বছৰ অনু্ৰ্ধ বিশ্বকাপ, আইভা ইউথ বক্সিং ৱল্ডকাপ( উক্ত প্ৰতিযোগিতাতেই অসমৰ ভূমিতেই অংকুচিতা বড়োৱে সোনৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল), আন্তৰাজ্যিক চিনিয়ৰ এথেলেটিকচ চেম্পিয়নশ্বিপ( যিখন প্ৰতিযোগিতাত প্ৰিতি ঊষা, অঞ্জু ববি জৰ্জৰ দৰে খেলুৱৈয়ে অংশগ্ৰহন কৰিছিল আৰু স্বৰ্ণকণ্যা হিমা দাসে ৰাষ্ট্ৰীয় ৰেকৰ্ড প্ৰতিষ্ঠা কৰিছিল), খেল ইণ্ডিয়া ইউথ গেমচকে কে আদি কৰি লক্ষ্য কোঁৱৰৰ নিৰবনিচিন্ন প্ৰচেষ্ঠাত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ  খেলসমূহে ৰাজ্যবাসীৰ দৃষ্টি আকৰ্শন কৰিবলৈও সক্ষম হোৱাৰ লগতে ৰাজ্যৰ লগতে দেশৰো সংবাদ শিৰোনামা দখল কৰিবলৈ সক্ষম হৈছিল৷ যাৰ পৰিননতিত শেষতীয়াকৈ এথেলেটিকচ ফেডাৰেচন অন ইণ্ডিয়াৰ উপঃ সভাপতিৰূপেও নিৰ্বাচিত হৈছে লক্ষ্য কোঁৱৰ৷

No comments