নতুন দিল্লী, ১৭ ডিচেম্বৰ: ২০২৭ত অনুষ্ঠিত হ'বলগীয়া এএফচি এছিয়ান কাপ আয়োজক দেশৰ দৌৰত নামি পৰিছে ভাৰতো। ভাৰতসহ পাঁচখন দেশ এই দৌৰত আছে। এ...
নতুন দিল্লী, ১৭ ডিচেম্বৰ: ২০২৭ত অনুষ্ঠিত হ'বলগীয়া এএফচি এছিয়ান কাপ আয়োজক দেশৰ দৌৰত নামি পৰিছে ভাৰতো। ভাৰতসহ পাঁচখন দেশ এই দৌৰত আছে। এছিয়াৰ সৰ্ববৃহৎ ফুটবল টুৰ্ণামেণ্ট আয়োজনৰ বাবে ভাৰতসহ পাঁচখন দেশে নিজকে দাবীদাৰ বুলি দেখুৱাব বিচাৰিছে। এই ক্ষেত্ৰত আছে ইৰাণ, কাটাৰ, উজবেকিস্তান আৰু চৌদি আৰব। এই টুৰ্ণামেণ্টৰ আয়োজনৰ প্ৰবল দাবীদাৰ দেখুৱাৰ অন্তিম তাৰিখ ১৮ ডিচেম্বৰ। কোন দেশে এই টুৰ্ণামেণ্টৰ আয়োজন কৰিব পাৰিব বুলি তাৰ ঘোষণা ২০২১ত কৰা হ'ব। কাটাৰ ১৯৮৮ আৰু ২০১১ত এই টুৰ্ণামেণ্টৰ আয়োজক আছিল। আনহাতে ইৰাণে ১৯৬৮ আৰু ১৯৭৬ত চি টুৰ্ণামেণ্টৰ আয়োজন কৰিছিল আৰু দুয়োখন টুৰ্ণামেণ্টৰ চেম্পিয়ন খিতাপ দখলো কৰিছিল।
No comments