গণবাৰ্তা,জনীয়া,১৭ ডিচেম্বৰ : ভাৰত চৰকাৰৰ সংখ্যালঘু মন্ত্ৰালয়ৰ সৌজন্যত আৰু বৰপেটা জিলাৰ পুৱ প্ৰান্তত অৱস্থিত এটি অগ্ৰণী এন জি অ ভেৰালদি ...
গণবাৰ্তা,জনীয়া,১৭ ডিচেম্বৰ : ভাৰত চৰকাৰৰ সংখ্যালঘু মন্ত্ৰালয়ৰ সৌজন্যত আৰু বৰপেটা জিলাৰ পুৱ প্ৰান্তত অৱস্থিত এটি অগ্ৰণী এন জি অ ভেৰালদি ৰুৰেল ডেভেলপমেন্ট এছোচিয়েছনৰ উদ্যোগত যোৱা ১০ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ বৰপেটাৰ খৰুৱাপাৰা ছদিনীয়া প্ৰশিক্ষণ শিৱিৰ অনুষ্ঠিত হৈ যায়। ২০১৯-২০ বৰ্ষৰ "নই ৰশ্নি আচনিৰ অধীনত অনুষ্ঠিত হোৱা ছদিনীয়া সংখ্যালঘু মহিলাৰ নেতৃত্ব বিকাশ প্ৰশিক্ষণ শিবিৰত আমন্ত্ৰিত অতিথি হিচাপে বৰপেটা চাইল্ড লাইনৰ প্ৰাক্তন জিলা সমন্বয়ক তথা এইচ আই ভি / এইডচ আচনিৰ প্ৰজেক্ট মেনেজাৰ ৰফিকুল ইছলাম, তাতিকুছিৰ ছাহজাহান আলী, শিক্ষক মোন্তাজ আলী আহমেদ , তাপৰবড়ী এম ই মাদ্ৰাছাৰ শিক্ষক গোলাপ হুছেইন,এন জি অৰ সভাপতি আব্দুল লতিফ আলি আদিকে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে ।এন জি অৰ সম্পাদক মহিদুল ইছলামে আত ধৰা সভাত সমল ব্যক্তি সকলে সংখ্যালঘু মহিলাসকলে কেনেকৈ ঘৰখনৰ পৰা আৰম্ভ কৰি সমাজত ব্যক্তিত্ব গঠন কৰিব পাৰে । তদুপৰি শিক্ষা, আৰ্থিক, সামাজিক আৰু ৰাজনৈতিক দিশত কেনেকৈ সচেতন হব তাৰ ওপৰত তথ্য সম্বলিত বক্তব্য প্ৰদান কৰে ।
No comments