Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ছয়গাৱৰ গৰৈমাৰীত উদ্যোগত মদ, ভাং,জুৱা,তীৰ,নাৰী ব্যৱসায়ী আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাঙ্গণত অৱস্থান ধৰ্মঘট সাংবাদিকৰ

গণ বাৰ্তা গৰৈমাৰী, ৩১ ডিচেম্বৰ : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত আজি বছৰটোৰ শেষৰ দিনটোত কলমৰ যুদ্ধ এৰি ব্যতিক্ৰ...


গণ বাৰ্তা গৰৈমাৰী, ৩১ ডিচেম্বৰ : দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত আজি বছৰটোৰ শেষৰ দিনটোত কলমৰ যুদ্ধ এৰি ব্যতিক্ৰমী অৱস্হান ধৰ্মঘটত বহিল গৰৈমাৰী - কালাতলী - সোণতলী চমুকৈ জি কে এছ প্ৰেছ ক্লাবৰ কৰ্মকৰ্তা সকলে।জি কে এছ প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা অবস্থান ধৰ্মঘট কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে গৰৈমাৰী আছু,আমছু,জ্যেষ্ঠ নাগৰিক মঞ্চ,সৰ্বভাৰতীয় ইমাম কাউন্সিলৰ সদস্য সকলৰ লগতে অমস মিঞা পৰিষদৰ কৰ্মকৰ্তা সকলে।উল্লেখ্য যে বৃহত্তৰ গৰৈমাৰী, কালাতলী, সোনতলী  অঞ্চলটোত দীৰ্ঘদিনৰে পৰা বৃদ্ধি পোৱা মদ,ভাং, ড্ৰাগছ, তীৰ জুৱা আৰু নাৰী ব্যৱসায়ীৰ উপৰিও অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ দাবীত সাংবাদিক সকলে এই অবস্থান ধৰ্মঘট কাৰ্য্যসূচী অনুষ্ঠিত কৰে।তাৰেই প্ৰতিবাদ স্বৰুপে গৰৈমাৰী কালাতলী আৰু সোনতলী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলে উক্ত কাৰ্যসূচীত মদ, ভাং, জুৱা তীৰ বন্ধ কৰক, নাৰী ব্যৱসায়ী বন্ধ কৰক, অসামাজিক কাৰ্যকলাপ ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি গৰৈমাৰীৰ আকাশ বতাহ কপাই তোলে।এই অসামাজিক কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত স্হানীয় প্ৰশাসন তথা আৰক্ষীয়ে ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে।উক্ত কাৰ্যসূচীৰ শেষত বিভিন্ন অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধৰ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰে।উক্ত কাৰ্যসূচীত জি কে এছ প্ৰেছ ক্লাবৰ উপদেষ্টামণ্ডলী ক্ৰমে আব্দুৰ ৰহমান,আজাদ ওচমান গণি,জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি ডা: ফজলুল হক চৌধুৰী,জি কে এছ প্ৰেছ ক্লাবৰ সভাপতি তথা আসাম টকছৰ সাংবাদিক আমিন ময়নুল হক,কাৰ্য্যকৰী সভাপতি তথা গণ অধিকাৰ ও প্ৰাগ নিউজৰ সাংবাদিক আব্দুৰ ৰহিম,প্ৰেছ ক্লাবৰ কৰ্মকৰ্তা সকলৰ লগতে আমছুৰ কেন্দ্ৰীয় সমিতিৰ ইমদাদ হুছেইন,গৰৈমাৰী আছুৰ ৰফিকুল ইছলাম,কামৰূপ জিলা অসম মিঞা পৰিষদৰ এম মুক্তাৰ মণ্ডল কে প্ৰমুখ্যে কৰি ভালে সংখ্যক সংগঠনৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

No comments