Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

নাৰায়ণপুৰৰ দুই ভগ্নী ৰঞ্জু,মঞ্জুৱে দেখুওৱাইছে স্বাৱলম্বীতাৰ পথ

  গণবাৰ্তাঃ নাৰায়ণপুৰ ২৭ ডিচেম্বৰ:  যিসময়ত অসনৰ লাখ লাখ শিক্ষিত নিৱনুৱাই কৰ্মসংস্থাপনৰ বাবে বৰ্হিৰাজ্যলৈ ঢাপলি মেলিবলগীয়া তেনে সময়তে কৃষি কা...

 


গণবাৰ্তাঃ নাৰায়ণপুৰ ২৭ ডিচেম্বৰ: যিসময়ত অসনৰ লাখ লাখ শিক্ষিত নিৱনুৱাই কৰ্মসংস্থাপনৰ বাবে বৰ্হিৰাজ্যলৈ ঢাপলি মেলিবলগীয়া তেনে সময়তে কৃষি কাৰ্যৰে স্বাবলম্বীতাৰ পথ দেখুওৱাইছে নাৰায়ণপুৰৰ দুই ভগ্নীয়ে।লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰৰ ৰঞ্জু শইকীয়া আৰু মঞ্জু শইকীয়া নামৰ দুগৰাকী মহিলাই নিজৰ দৈনন্দিন কৰ্মৰাজিৰ মাজতো নিজ বাৰীতেই বিভিন্ন প্ৰকাৰৰ খেতি কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ পৰিয়াল পোহপাল দিয়াৰ লগতে ৰোগীয়া আন গৰাকী ভগ্নীৰো চিকিৎসাৰ যতন লৈ আহিছে। অতি উদ্যমী মনৰ দুই ভগ্নী ৰঞ্জু আৰু মঞ্জুয়ে পিতৃক অনুকৰণ কৰি কোনো এক সময়ত কৃষি কাৰ্যত যি জড়িত হৈ পৰিল আৰু আজিলৈ থমকি ৰোৱা নাই।পিতৃৰ পদাংক অনুসৰণ কৰিয়েই বিগত ৩০ বছৰ ধৰি দুই ভগ্নীয়ে কবি,আলু,মূলা, পালেং,বেঙেনা,ধনীয়া গাজৰৰ লগতে বিভিন্ন প্ৰকাৰৰ ৰবি শস্যৰ খেতি কৰি আহিছে।কল,জালুক,নেমু খেতি কৰিও বছৰি ২ ৰ পৰা ৩ লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।ইয়াৰোপৰি ঘৰতে পোহা উন্নত মানৰ দুজনী গৰুৰ পৰা বছৰি গাখীৰ বিক্ৰী কৰি ৮০ৰ পৰা ৯০ হাজাৰ টকা উপাৰ্জন কৰি আহিছে ।উচ্চ শিক্ষাৰে শিক্ষিত নাৰায়ণপুৰৰ দুই ভগ্নী কৃষিকৰ্মৰ জৰিয়তে এতিয়া নৱ প্ৰজন্মৰ আদৰ্শ।শিক্ষিত নিৱনুৱাসকলৰ বাবে সম্প্ৰতি দুই ভগ্নী এতিয়া এক প্ৰেৰণাৰ উৎস হৈ পৰিছে। ঘৰৰ চাৰি বেৰৰ মাজত নিজকে আবদ্ধ নকৰি ৰঞ্জু, মঞ্জুৰ দৰে মহিলাসকল হৈ পৰিছে বহুতৰ বাবে আদৰ্শ।

No comments