Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিটিচিত খাদ্য সুৰক্ষা আইনৰ নামত বৃহৎ কেলেংকাৰীঃ তামুলপুৰত মন্ত্ৰী পিযুঁজ হাজৰিকা

  আৰিফ আহমেদ, তামুলপুৰ, ৪ ডিচেম্বৰ ঃ অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত...

 

আৰিফ আহমেদ, তামুলপুৰ, ৪ ডিচেম্বৰ ঃ অহা ৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব লগা বিটিচিৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত বিভিন্ন ৰাজনৈতিক দল-সংগঠনৰ প্ৰচাৰ কাৰ্য তীব্ৰতৰ হৈ উঠিছে। তামুলপুৰ মহকুমাৰ অধীনস্থ ২৬ নং দৰঙ্গাজুলি সমষ্টিৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী দেৱেন বড়ো আৰু ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি আজি কেইবাদিন ধৰি সমষ্টি দুটাত বাহৰ পাতি আছে অসম চৰকাৰৰ মন্ত্ৰী পীষূষ হাজৰিকাই। বিগত কেইবাদিন ধৰি নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছত মন্ত্ৰীগৰাকীক আজি অধিক আত্মবিশ্বাসী ৰূপত দেখা যায়। আজি তামুলপুৰত সাংবাদিকৰ আগত মন্ত্ৰী পীষূষ হাজৰিকাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । তেওঁ কয়- বিজেপিয়ে এইবাৰ অকলে চৰকাৰ গঠন কৰিব। ইয়াত আৰু কোনো সন্দেহ নাই । বাক্সা আৰু ওদালগুৰি জিলাত বিজেপি দলৰ স্থিতি অত্যন্ত মজবুত। কাইলৈৰ পিছত চিৰাং আৰু কোকৰাঝাৰ জিলাত আমি জোৰদাৰ প্ৰচাৰ কাৰ্য চলাম। 

মন্ত্ৰী হাজৰিকাই পুনৰ কয়- আমাৰ ভুল হ’ল যে আমি বিটিচিৰ ৪০টা সমষ্টিত প্ৰাৰ্থী নিদিলো । দিয়া হ’লে ৩০খনতকৈও অধিক আসনত আমাৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিলেহেঁতেন। তথাপি আমি প্ৰাৰ্থিত্ব আগবঢ়োৱা ২৬টা সমষ্টিৰ ভিতৰত ২২টা সমষ্টিত আমি জয়লাভ কৰাটো খাটাং। খাদ্য সুৰক্ষা আইনত বৃহৎ কেলেংকাৰী হোৱা বুলি মন্তব্য কৰি তেওঁ কয়-  খাদ্য সুৰক্ষা আইনৰ চাউল বিতৰণত বিটিচিত ভয়াৱহ কেলেংকাৰী সংঘটিত হৈছে। যিখন আইনে সমাজৰ অতি দৰিদ্ৰ পৰিয়ালৰ লোকক সামৰি লৈছে সেই আইনখনত বিটিচিত বৃহৎ কেলেংকাৰী সংঘটিত হৈছে। মই ভাবো এইটো এটা সৰ্ববৃহৎ কেলেংকাৰী। বিপিএফ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক সমালোচনা কৰি কয়- হাগ্ৰামা মহিলাৰীয়ে ইমান বছৰে বিটিচিত দুটা শ্ৰেণীৰ নাগৰিকৰ সৃষ্টি কৰিলে। 

এটা হ’ল প্ৰথম শ্ৰেণীৰ নাগৰিক আৰু আনটো দ্বিতীয় শ্ৰেণীৰ নাগৰিক। ৰাইজে এতিয়া এইবোৰ কথা বুজি পাইছে। সেইবাবে ৰাইজ এইবাৰ হিল-দ’ল ভাঙি ওলাই আহিছে বিজেপিক ভোট দিবলৈ। বিজেপিৰ সভাবোৰত মানুহ ঠাহ খাই পৰিছে। ইয়ে প্ৰমাণ কৰিছে যে পৰিৱৰ্তনৰ স্বাৰ্থত এইবাৰ ৰাইজে বিজেপিৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিব। আন এক প্ৰসংগত তেওঁ কয়- ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে ২৮ নং গয়বাৰী পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও আমাৰ বিজেপি প্ৰাৰ্থী হেমন্ত কুমাৰ ৰাভা জয়যুক্ত হোৱাটো ১০০ শতাংশই নিশ্চিত। তেওঁ আকৌ কয়- হাগ্ৰামা মহিলাৰীয়ে যিমান ক’লেও লাভ নাই । আমাৰ লগত ৰাইজ আছে। ৰাইজেই আমাৰ অস্ত্ৰ।

No comments