গনবাৰ্তা দলগাও, ১৬ ডিচেম্বৰ: ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক পদ্ধতিৰে আলু বেঙেনাৰ সলনি কেপছিকামৰ খেতি কৰি হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবল...
গনবাৰ্তা দলগাও, ১৬ ডিচেম্বৰ: ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক পদ্ধতিৰে আলু বেঙেনাৰ সলনি কেপছিকামৰ খেতি কৰি হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে খাৰুপেটীয়াৰ এগৰাকী কৃষকে । খাৰুপেটীয়াৰ নিকটৱৰ্তী খগজানী গাঁৱৰ ওমৰ আলি নামৰ কৃষক গৰাকীয়ে বিগত চাৰি পাঁচ বছৰ ধৰি কৰি আহিছে আলু বেঙেনা , ফুলকবি , বন্ধাকবি আদিৰ খেতি । এই সমূহ পাচলি চাহিদা দিনক দিনে কমি অহাৰ বাবে বিকল্প হিচাপে জৈৱিক পদ্ধতিৰে আৰম্ভ কৰে আপেল বগৰী , ব্ৰুকলিৰ লগতে দুবিঘা মাটিত কেপছিকামৰ খেতি । প্ৰতি বিঘাত ১৫ হাজাৰ টকা খৰচ কৰি প্ৰতি কেজি কেপছিকাম ৫০ টকা দৰত বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে হাজাৰ হাজাৰ টকা । এই সন্দৰ্ভত খেতিয়ক ওমৰ আলিয়ে কয় -ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদন কৰা আলু বেঙেনা ফুলকবি বন্ধাকবি আদিৰ চাহিদা পূৰ্বৰ দৰে বজাৰত নাই ।
আনকি এই সাৰ ব্যবহাৰ কৰি খেতি কৰিলে লাভৰ সলনি লোকচানহে হয় । জৈৱিক পদ্ধতিৰে কৰা পাচলিৰ বজাৰ মূল্য ভাল আৰু ই কোনো ধৰণৰ ক্ষতি নকলে । সেয়ে অনাগত দিনত সকলো ধৰণৰ পাচলি খেতি জৈৱিক পদ্ধতিৰে কৰাৰ কথা অবগত কৰি কৃষক ওমৰ আলিয়ে কয় এই ক্ষেত্ৰত কৃষি বিভাগে পদক্ষেপ গ্ৰহণ কৰিলে কৃষক সকলে লাহে লাহে ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা বাদ দি জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ আৰম্ভ কৰিব ।
No comments