Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

উত্তৰ-পশ্চিম যোৰহাটৰ নামনি গায়ন গাঁৱত জান খননৰ আধাৰশিলা স্থাপন

  গণ বাৰ্তা,পশ্চিম যোৰহাট,১৫ ডিচেম্বৰ: উত্তৰ-পশ্চিম যোৰহাট ঢেঁকৰগঢ়াৰ নামনি গায়ন গাঁৱৰ মাজেৰে বৈ যোৱা শেনচোৱা জানটো খননৰ বাবে আজি আধাৰশিলা ...

 


গণ বাৰ্তা,পশ্চিম যোৰহাট,১৫ ডিচেম্বৰ: উত্তৰ-পশ্চিম যোৰহাট ঢেঁকৰগঢ়াৰ নামনি গায়ন গাঁৱৰ মাজেৰে বৈ যোৱা শেনচোৱা জানটো খননৰ বাবে আজি আধাৰশিলা স্থাপন কৰা হয়. ভূমি সংৰক্ষন বিভাগে ৮ লাখ ৫০ হাজাৰ টকাৰে জানটোত কৰিবলগা কামৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে. উল্লেখ্য যে ২০১৬ চনৰ বাহনী পানীয়ে ভোগদৈ মথাউৰীৰ এক অংশ ছিঙি নিয়াৰ পাছত শেনচোৱা জানটো বালীৰে পোট যায়। পৰৱৰ্তী সময়ত স্থানীয় পঞ্চায়তৰ দ্বাৰা এনৰেগা আচনিৰ জৰিয়তে জানটো খণ্ডাৰ ব্যৱস্থা কৰে যদিও পুনৰ বালিৰে পোত যায়, ফলত কৃষিপ্ৰধান অন্চলটোৰ ৰাইজ বাৰিষাৰ সময়ত পানীত ডুবি থকাৰ দৰে অৱস্থাৰ সৃষ্টি হয়. খৰালী মাহটো জানটোৰে পানী ওলাই যাব নোৱাৰাত কৃষিপথাৰত পানীৰে ওপচি পৰাত কৃষক ৰাইজৰ সমস্যা দুগুনে বৃদ্ধি পায় আহিছে. যাৰবাবে স্থানীয় পন্চায়ত আৰু বিধায়কৰ বলিষ্ঠ নেতৃত্বত জানটো খণ্ডাৰ ব্যৱস্থা কৰা হয়. আধাৰশিলা অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে বন্তি প্ৰজ্বলন কৰে গাৱৰ বয়োজ্যেষ্ঠ ব্যক্তি জগোৰাম গায়নে. পঞ্চায়তৰ সভাপতি পূৰ্ণীমা গগৈৰ সঞ্চালনাত আয়োজিত অনুষ্ঠাত বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে নামনি গায়ন গাঁওবাসীৰ দীঘদিনীয়া সমস্যা দূৰ কৰাৰ লগতে গাঁওখনৰ জৰাজীৰ্ন পথ দুটা নিৰ্মান কৰাৰ আশ্বাস প্ৰদান কৰাৰ উপৰি ঘৰফলীয়াৰ পৰা নামনি গায়ন গাঁও সংযোগি পথত বৰ্তমান শিল দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে. উক্ত অনুষ্ঠানত ভূমি সংৰক্ষন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে পঞ্চায়তৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Attachments area

No comments