Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সংখ্যালঘু এলেকাৰ বিদ্যালয়ৰ নামৰ আগত 'ডি' শব্দ লগোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া আমছুুৰ

গণ বাৰ্তা,হোজাই ২৫ ডিচেম্বৰ: অসমৰ ভোটাৰ তালিতাত বহু সংখ্যক লোকৰ নামৰ পিছফালে  'ডি' অৰ্থাৎ সন্দেহজনক শব্দটো দেখিবলৈ পোৱা যায় ৷ কিন্ত...


গণ বাৰ্তা,হোজাই ২৫ ডিচেম্বৰ: অসমৰ ভোটাৰ তালিতাত বহু সংখ্যক লোকৰ নামৰ পিছফালে  'ডি' অৰ্থাৎ সন্দেহজনক শব্দটো দেখিবলৈ পোৱা যায় ৷ কিন্তু নতুনকৈ সংখ্যালঘু এলেকাৰ বহু স্কুলৰ নামৰ পাছফালে ৰাজ্য চৰকাৰে এই 'ডি' অৰ্থাৎ সন্দেহজনক শব্দটো সংযোজন কৰিছে ৷ এই অভিযোগ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ৷ এই সন্দৰ্ভত আমছুৰ হোজাই জিলা সমিতিয়ে আজি ডবকাত এখন সংবাদমেল সম্বােধন কৰি সংখ্যালঘু লোকৰ ওপৰত চৰকাৰৰ এই ক্ষড়যন্ত্ৰ চলোৱা বুলি অভিযোগ কৰে ৷ আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোৱাৰ হুছেইনে সম্বােধন কৰা সংবাদমেল খনত কয় - যে চৰকাৰে বৰ্তমানে সংখ্যালঘু দুখীয়া ছাত্ৰ-ছাত্ৰীক মাইনৰিটি প্ৰি মেট্ৰিক স্কলাৰশ্বীপ পোৱাৰ পৰা বঞ্চিত কৰিবলৈ নতুন পন্থা অৱলম্বন কৰিছে ৷ সংখ্যালঘু প্ৰধান এলেকা সমূহত থকা বিদ্যালয় সমূহৰ ভিতৰত যি সমূহ বিদ্যালয়ৰ পৰা ১০০ জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয় এই স্কলাৰশ্বীপৰ বাবে আবেদন কৰিছে সেইসমূহ বিদ্যালয় এতিয়া সন্দেহজনক স্কুললৈ ৰূপান্তৰিত হৈছে বুলি মন্তব্য কৰে৷ বৰ্তমানলৈকে হোজাই জিলাত ৬১ খন আৰু নগাওঁ জিলাত ৩১৮ খন স্কুল নামৰ পাছত সন্দেহজনক শব্দটো লগাইছে বুলি সংবাদ মেলত আমছুৱে তথ্য দাঙি ধৰে ৷ এই সন্দেহজনক শব্দটোৱে এতিয়া সংখ্যালঘু ৰাইজৰ মাজত আংতকৰ সৃষ্টি হৈছে বুলি তেওঁলোকে উল্লেখ কৰে ৷ স্কুলত পঢ়া ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ কি হ'ব বুলি অভিভাৱক সকল চিন্তিত হৈ পৰিছে ৷ তাৰোপৰি বৰ্তমান সময়ত সংখ্যালঘু ছাত্ৰ বৃত্তি আবেদনৰ প্ৰক্ৰিয়াটো শিক্ষা বিভাগে জটিল কৰি দুখীয়া ছাত্ৰ ছাত্ৰীক ইয়াৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব বিচাৰিছে বুলি আমছু নেতৃত্বই মন্তব্য কৰে ৷ গতিকে চৰকাৰে অতিশীঘ্যে এই বৈশম্যমূলক আচৰন বন্ধ কৰিবলৈ সংবাদমেলযোগে  চৰকাৰলৈ আহবান জনায় ৷ ইফালে, যোৱাবাৰ হোজাই জিলাত সংখ্যালঘু ছাত্ৰবৃত্তিত সংগঠিত হোৱা দুৰ্ণীতি সন্দৰ্ভত হোজাই জিলা আৰক্ষী অধীক্ষকক লিখিত আকাৰে অভিযোগ দিয়াৰ পাছতো আজিলৈকে কোনো সুফল পোৱা নগল বুলি তেওঁলোকে অভিযোগ কৰিছে ৷ সংবাদ মেলত আমছুৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি মনোৱাৰ হুছেইন আৰু, আমছুৰ হোজাই জিলা সমিতিৰ সাধাৰণ সম্পাদক কবিৰ আহমদ লস্কৰসহ অন্যান্য সকল উপস্থিত আছিল ৷

No comments