গণবাৰ্তা,ভূৰাগাঁও,২৯ ডিচেম্বৰঃ আগন্তুক ২০২১চনৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী ৷ নিৰ্বাচনৰ দিন যিমানেই কাষ চাপি আহিছে সি...
গণবাৰ্তা,ভূৰাগাঁও,২৯ ডিচেম্বৰঃ আগন্তুক ২০২১চনৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী ৷ নিৰ্বাচনৰ দিন যিমানেই কাষ চাপি আহিছে সিমানেই শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দলৰ নেতা-কৰ্মী সকলে নিজ-নিজ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। আগন্তুক ২০২১চনৰ বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে খ্যাত ৮১ নং লাহৰীঘাট বিধান সভা সমষ্টি বিজেপি দলৰ দখললৈ নিয়াৰ লক্ষ্যৰে শাসকীয় বিজেপি দলৰ নেতা-কৰ্মী সকলে সংখ্যালঘু বসতি প্ৰদান অঞ্চলত দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে। বিজেপি দলৰ সংখ্যালঘু মৰ্চাৰ কুশতলি মণ্ডল সভাপতি ছমেদ আলী, সাধাৰণ সম্পাদক মতিবুৰ ৰহমানৰ লগতে দলটোৰ কেইবা গৰাকী নেতা-কৰ্মীৰ উপস্থিতিত নাজিমা খাতুনক সভানেত্ৰী আৰু ৰাজিকুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ টেঙাগুৰি গাওঁ পঞ্চায়তৰ সংখ্যালঘু মৰ্চাৰ সমিতি খন গঠন কৰে। ২০২১চনৰ বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টি বিজেপি দলৰ দখললৈ যাব বুলি দাবী কৰে সংখ্যালঘু মৰ্চাৰ কুশতলি মণ্ডল সভাপতি ছমেদ আলীয়ে। অৱশ্যে ২০২১চনৰ বিধান সভাৰ নিৰ্বাচনত লাহৰীঘাট সমষ্টিত কোন দলৰ প্ৰাৰ্থীয়ে শেষ হাহিঁ মাৰে সেয়া ফলাফলতহে স্পষ্ট হ'ব।
No comments