জামান,গোৱালপাৰা ১৭ ডিচেম্বৰ-গোৱালপাৰা চহৰত অবাধ হাৰত বৃদ্ধি পাইছে ই-ৰিস্কাৰ দৌৰাত্ম্য।যি হাৰত প্ৰতিদিনে এই বাহন সমূহ বৃদ্ধি পাইছে সেই অনুপ...
জামান,গোৱালপাৰা ১৭ ডিচেম্বৰ-গোৱালপাৰা চহৰত অবাধ হাৰত বৃদ্ধি পাইছে ই-ৰিস্কাৰ দৌৰাত্ম্য।যি হাৰত প্ৰতিদিনে এই বাহন সমূহ বৃদ্ধি পাইছে সেই অনুপাতে চহৰৰ ৰাস্তাসমূহ তেনেই ঠেক।উল্লেখ যে বিগত সময়ত গোৱালপাৰা চহৰত বাহিৰা পাৰ্মিটৰ টেম্পৰ বোৰ মূল চহৰত প্ৰৱেশ কৰাত যান-যট সৃষ্টি হৈছিল যদিও বৰ্তমান সময়ত ই-ৰিস্কাৰ ফলত যান-যট হোৱা পৰিলক্ষিত হৈছে।চহৰ খনৰ মূল ৰাস্তাৰ যতে-ততে ই-ৰিস্কা সমূহে নিজৰ মইমতালিৰে ৰখাই যাত্ৰী উঠা নোমোৱা কৰাত প্ৰতিদিনেই সাধাৰণ যাত্ৰী আৰু আন আন যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হবলগীয়া হয়। উল্লেখ যে পূৰ্বেও ই -ৰিস্কাৰ অতপলিত কেবাটাও দুৰ্ঘটনা হোৱাৰ উদাহণৰ থকা স্বত্বেও চহৰ খনত গিজগিজাই থকা ই-ৰিক্সা সমূহ নিয়ন্ত্ৰণ কৰিব পৰা নাই যান-বাহন আৰক্ষীয়ে।প্ৰশাসনিক নিয়ম নীতি উলংঘন কৰি ই-ৰিস্কা মালিক সন্থাৰ কৰ্ম কৰ্তা সকলে প্ৰতিটো ই-ৰিস্কা ছালকৰ পৰা দহ টকা কৈ সংগ্ৰহ কৰি চহৰ খনত ই-ৰিস্কা সমূহ প্ৰৱেশ কৰিবলৈ এটা এটা বাৰ কোড নম্বৰ লগাই দিয়া পৰিলক্ষিত হৈছে।জানিব পৰা মতে চহৰ খনত প্ৰতিদিনে প্ৰায় এহেজাৰ ই -ৰিস্কা চলা চল কৰে।ইয়াৰে ৫১২ নম্বৰলৈকে বাৰ কোড থকা এখন ই-ৰিস্কা এই পৰিবেদকৰ সন্মুখত পৰা পৰিলক্ষিত হয়।এতিয়া কথা হল প্ৰতিটো বাৰ কোড থকা ই-ৰিস্কাই যদি দহ টকা কৈ দি ৰাজ পথত আহিবলৈ অনুমতি পায় তেন্তে প্ৰতিদিনে প্ৰায় ছয় হেজাৰকৈ টকা সংগ্ৰহ হয় এই টকা মাহেকত হয় গৈ প্রায় ১,৮০,০০০ টকা। এই টকা খিনি কোন শিতানত কত খৰজ কৰা হয় সেয়া সন্দেহৰ আৱৰ্তত। উল্লেখ যে যান-যটৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিভিন্ন মহলে জিলা বৰিবহন বিষয়াক অৱগত কৰিছে যদিও কোনো পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই।ফলত চহৰৰ খনত দুৰ্ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বিগত দুৰ্গা পূজাৰ দশমীৰ দিনা চহৰৰ গোৱালতুলিৰ এজন জ্যেষ্ঠ নাগৰিক ই-ৰিস্কা দুৰ্ঘটনাৰ ফলত মৃত্যুক আঁকোৱালি লব লগীয়া হৈছে।সেয়ে গোৱালপাৰা জিলা আমছুৰ সভাপতি আনিমূল হক চৌধুৰীয়ে যান-জট নিয়ন্ত্ৰণ কৰিবলৈ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষকৰ লগতে জিলা পৰিবহন বিষয়াক দাবী জনাইছে।
No comments